শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰৱৰাহকাৰী…

শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰৱৰাহকাৰী…

author-image
asomiyapratidin
New Update
শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰৱৰাহকাৰী…

ডিজিটেল সংবাদ,  শিৱসাগৰ : শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ সৰৱৰাহ। শিৱসাগৰ আৰক্ষীয়ে বুধবাৰে ড্ৰাগছ জব্দ কৰাৰ লগতে দুটা ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰে৷ আৰক্ষীৰ কঠোৰ স্থিতিৰ পাছতো ড্ৰাগছ সৰৱৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰৱৰাহ আৰু বিক্ৰী প্ৰক্ৰিয়া।

Advertisment

বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এখন AS04Q9443 নম্বৰৰ ডাষ্টাৰ গাড়ীত শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ৷দুই ড্ৰাগছ পেডেলাৰ ক্ৰমে চহৰৰ গণকপট্টিৰ বিটু ঠাকুৰ আৰু হাবিৰাম বৰা পথৰ অনুৰাগ বৰগোঁহাইয়ে নিষিদ্ধ ব্ৰাউন ছুগাৰ সৰৱৰাহ কৰাৰ সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰে।

উল্লেখযোগ্য যে বিতু ঠাকুৰ নামৰ যুৱকজন আগতেও ড্ৰাগছ সেৱন আৰু সৰৱৰাহৰ বাবে গ্ৰেপ্তাৰ হৈছিল। শিৱসাগৰ চহৰত ড্ৰাগছৰ বেহা মেলা বিটু ঠাকুৰ কিদৰে বাৰে বাৰে আৰক্ষীৰ জালত পৰি মুকলি হৈ পুনৰ একেই নিষিদ্ধ বেহাত জড়িত হয় তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

আৰু পঢ়ক : ৯ আগষ্টত অসম লেখিকা সমাজৰ "মাটি-মানুহ-সমন্বয়" দিৱস…

assam sivsagar drugs seized drugs himanta biswa sarma Assam police