/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/siv.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰীৰ পাৰত ৰবিবাৰে বিয়লি শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ ড্ৰাগছ সহ এজন যুৱকক কৰায়ত্ত কৰে ৷
শিৱসাগৰ সদৰ আৰক্ষী আৰু জয়সাগৰ আৰক্ষীয়ে যৌথ ভাৱে চলোৱা অভিযান কালত পুখুৰীৰ পাৰত গ্ৰাহকৰ অপেক্ষাত ৰৈ থকা অৱস্থাত ড্ৰাগছ সহ কৰায়ত্ব কৰা যুৱক জনক জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত পাভজান গাঁৱৰ নিৱাসী যদুমণি দাস ( ২৬) বুলি জানিব পৰা গৈছে ৷প্ৰাপ্ত বাতৰি মতে দীৰ্ঘ সময়ধৰি পুৰণি পুখুৰী আৰু গৌৰীসাগৰ পুখুৰীৰ পাৰত এটা চক্ৰই দিনৰ পোহৰতেই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷
এই অভিযোগক গুৰুত্ব সহকাৰে লোৱা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই গোপন অনুসন্ধান চলাই থকাৰ সময়তেই নিয়মিত এজন যুৱকে সেই স্থানত ড্ৰাগছ বিক্ৰি কৰিবলৈ অহাৰ তথ্য লাভ কৰে ৷এই তথ্যৰ ভিত্তিতেই আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত টি এচ আই বিশ্বজ্যোতি দুৱৰী, উপ পৰিদৰ্শক পৰমা শইকীয়া আৰু জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে অসামৰিক পোচাকত গ্ৰাহকৰ বেশেৰে সেই স্থানত খাপ পিতি থকা অৱস্থাতেই ড্ৰাগছ ব্যৱসায়ী যদুমণি দাসক জালত পেলাবলৈ সক্ষম হয় ৷
অভিযানকাৰী আৰক্ষীৰ দলটোৱে যদুমণিৰ পকেটৰ পৰা চাৰিটা কন্টেইনাৰত ভৰাই অনা অৱস্থাত ৪০ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম ৷ইতিমধ্যে জয়সাগৰ আৰক্ষী চকীত স্বাস্থ্য পৰীক্ষাৰ অন্তত মাৰাথান জেৰা অব্যাহত ৰখা যদুমণিৰ স্বীকাৰোক্তিত এটা বৃহৎ চক্ৰৰ আঁৰৰ তথ্য পোহৰলৈ অহাতো নিশ্ছিত হৈ পৰিছে ৷আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা এটা গোচৰৰ ভিত্তিত ড্ৰাগছ ব্যৱসায়ী যদুমণি দাসক গ্ৰেপ্তাৰ কৰি কাইলৈহে আদালতত হাজিৰ কৰাব বুলি তদন্তকাৰী আৰক্ষী বিষয়াই জানিবলৈ দিছে ৷
আৰু পঢ়ক: ঢকুৱাখনাত সন্ত্রাস সৃষ্টিকাৰী ৫ গভাইত চোৰক জেললৈ নিক্ষেপ