ৰভা নিৰ্মাণ কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ পেণ্ডেল কৰ্মীৰ মৃত্যু…

ৰভা নিৰ্মাণ কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ পেণ্ডেল কৰ্মীৰ মৃত্যু…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুকন নগৰত বৃহস্পতিবাৰে বিয়লি সকামৰ ৰভা নিৰ্মাণ কৰি থাকোতেই এগৰাকী পেণ্ডেল কৰ্মীয়ে বিদ্যুতপিষ্ট হৈ কৰুণ মৃত্যুক সাৱতি লোৱাৰ ঘটনাই সমগ্ৰ জিলাখনতেই গভীৰ শোকৰ ছাঁ পেলাইছে।

Advertisment

শিৱসাগৰ চহৰ ফুকন নগৰৰ নিবাসী শিখা শৰ্মাৰ গৃহত আয়োজন কৰা মাংগলিক অনুস্থানৰ পেণ্ডেল নিৰ্মাণত নিয়োজিত হৈ থাকেতেই বিদ্যুত পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটি লোৱা যুৱকজন মাইনা গগৈ ( ৩৫) বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে বাবু পেণ্ডেলৰ কৰ্মচাৰী তথা দৰিকাপাৰ নাওজান গাঁৱৰ নিৱাসী মাইনাই আন সতীৰ্থ সকলৰ সৈতে পেণ্ডেল নিৰ্মাণৰ কামত নিয়োজিত আছিল ৷

কেইজনমান বনুৱাৰ লগতে নিহত মাইনাইও সেই সময়ত বাঁহ বন্ধাৰ কামত নিয়োজিত থকাৰ বিপৰীতে দুজনে ৰভাৰ টিন তুলাৰ কামত ব্যস্ত আছিল ৷ কিন্তু সতীৰ্থ দুজনৰ কাম কিছু লেহেমীয়া হৈছে বুলি কৈ মাইনাই এইবাৰ টিন তুলিবৰ বাবে ৰভাৰ ওপৰলৈ উঠি বহিবলৈ চেষ্টা কৰোতেই ৰভাৰ কম উচ্চতাইদি পাৰ হৈ যোৱা ৪৪০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰত লাগি ঠিতাতে মৃত্যু হয় ৷

জানিব পৰা মতে অতি কম উচ্চতাইদি পাৰ হৈ যোৱা বিদ্যুত পৰিবাহী তাঁৰ ডালত অসাবাধান বশত লাগি যোৱাৰ বাবেই এই শোঁকাৱহ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছতেই বিদ্যুত বিভাগে ৰাইজৰ খবৰৰ ভিত্তিত বিদ্যুত সংযোগ বিচিন্ন কৰে যদিও ইতিমধ্যে মৃত্যু ঘটিছিল মাইনাৰ ৷ ঘটনাৰ খবৰ পাই সদৰ আৰক্ষীৰ এটা দলে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

assam sivsagar