/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/MURDER-DIB.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ শিৱসাগৰত চাঞ্চল্য। লোকনাথ গগৈৰ ঘৰত বনকৰা হিচাপে আছিল যুৱতীগৰাকী।
দেওবাৰে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে প্রতিক্রিয়াৰ সৃষ্টি হয়। যুৱতী গৰাকীৰ মৃত্যুৰ পাছত আত্মহত্যা কৰা বুলি পৰিয়ালক অৱগত কৰিছিল লোকনাথ গগৈয়ে।
মৰণোত্তৰ পৰীক্ষাত যুৱতীগৰাকী আছিল অন্তঃসত্ত্বা। যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে পত্নীসহ লোকনাথ গগৈক। তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।
আৰু পঢ়ক: বকোৰ চকাবাহাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত টেম্পো চালক…