মাত্ৰ ৩ ঘন্টাৰ ভিতৰতে হ’ল সকলো, নৈশ বাছৰ পৰা উদ্ধাৰ ৰাকেশৰ মৃতদেহ

মাত্ৰ ৩ ঘন্টাৰ ভিতৰতে হ’ল সকলো, নৈশ বাছৰ পৰা উদ্ধাৰ ৰাকেশৰ মৃতদেহ

author-image
asomiyapratidin
New Update
চেলফিয়েই হ’ল কাল ! নৰনায়াণসেতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা গুৰুতৰ…

ডিজিটেল সংবাদ, শিৱসাগৰ : গুৱাহাটীৰ পৰা সোণাৰীলৈ আহি থকা যাত্ৰীবাহী দিৱা নৈশ মা নামৰ বাছ খনৰ পৰা ৰাকেশ আলি নামৰ নগাঁৱৰ পুৰণি গুদাম চলচলিৰ যুৱক এজনৰ মৃতদেহ উদ্ধাৰক লৈ শিৱসাগৰত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷

Advertisment

নিশা নগৰৰ প্ৰগতি নাৰ্চিং হোমত বাছ খনে ৰাকেশৰ মৃতদেহ গতাই দিয়াৰ পিছতেই নাৰ্চিং হোম খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে মতে এ আৰ ০২ / ৫৫৫২ নম্বৰৰ চুপাৰ খনত দেওবাৰে দুপৰীয়া ১১ বজাত বাছ খনৰ চালক দুলু গগৈৰ আমন্ত্ৰণ ক্ৰমে হেন্দিমেন হিচাপে নগাঁও আস্থানত বাছত উঠিছিল ৰাকেশে ৷

ইয়াৰ কিছু সময়ৰ পিছতেই ৰাকেশে ফোন যোগে শিৱসাগৰস্থিত ভগ্নীক বাছ খনৰ চালকে আজি কাম কৰি আৰু আহিব নালেগে বুলি কোৱাৰ কথা অৱগত কৰে ৷ বিয়লি তিনি বজালৈকে ফোনত কথা হোৱা ৰাকেশৰ সৈতে ভগ্নীৰ যোগাযোগ বিছিন্ন হৈছিল ৷ইয়াৰ প্ৰায় তিনি ঘন্টা মানৰ পিছত ৰাকেশৰ মোবাইল ফোনৰ পৰা বাছ খনৰ এজন চালকে ৰাকেশ সংজ্ঞাহীন হৈ বাছত পৰি থকা বুলি অৱগত কৰাৰ লগতে ততালৈকে প্ৰগতি হাস্পাতললৈ গৈ থকাৰ কথা জনায় ৷

এই খবৰৰ ভিত্তিত প্ৰগতিত পৰিয়ালৰ লোক উপস্থিত হৈ ৰাকেশক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ইফালে নৈশ বাছ খন নাৰ্চিং হোমৰ সন্মুখতেই এৰি দুলু গগৈ সহিতে এজন সহ চালকে সদৰ আৰক্ষী থানাত আত্ম সমৰ্পন কৰাৰ কথা জানিবলৈ পোৱা গৈছে ৷আনহাতে মৃত ৰাকেশৰ শিৱসাগৰস্থিত ভগ্নী গুলনাহাৰ বেগমে এইয়া এক পৰিকল্পিত হত্যা কাণ্ড বুলি অভিযোগ কৰাৰ লগতে সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ঘটনাস্থলীত সদৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

আৰু পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা, ৫ উইকেটত জয় ভাৰতৰ

assam murder sivsagar crime dead