বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰিলে ৰংপুৰ...

শিৱসাগৰ কলেজৰ ১৬ বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু সাংস্কৃতিক দলত ভাগলোৱা লোকসকলে “ পোহৰ বিচাৰি যাওঁ, আন্ধাৰৰ কাল যৱনিকা ভেদি সিপাৰে কি আছে চাও” শীৰ্ষক পৰাগ চলিহাৰ কালজয়ী গীত পৰিবেশন কৰি পৰিবেশ মুখৰিত কৰি তোলে ৷

author-image
Asomiya Pratidin
New Update
বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰিলে ৰংপুৰ...

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ নৃত্য গীতে সমগ্ৰ ৰংপুৰৰ আকাশ বতাহ মুখৰতি কৰি তোলে ৷ শিৱসাগৰ কলেজৰ ১৬ বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু সাংস্কৃতিক দলত ভাগলোৱা লোকসকলে “ পোহৰ বিচাৰি যাওঁ, আন্ধাৰৰ কাল যৱনিকা ভেদি সিপাৰে কি আছে চাও” শীৰ্ষক পৰাগ চলিহাৰ কালজয়ী গীত পৰিবেশন কৰি পৰিবেশ মুখৰিত কৰি তোলে ৷

Advertisment

এই উপলক্ষে বুধবাৰে অনুষ্ঠিত মুকলি সভাত অংশ গ্ৰহণ কৰি অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই কয় যে  শিৱসাগৰ কলেজৰ মূল খনিকৰ পৰাগ চলিহাই ৷ তেখেত আছিল ৰূপান্তৰৰ খনিকৰ ৷ তেখেতে লম্বিত ৰূপান্তৰৰ যোগেদি জয়সাগৰ পুখুৰীৰ পাৰত শিৱসাগৰ কলেজ স্থাপন আৰু সমান্তৰাল ৰূপান্তৰৰ যোগেদি বৌদ্ধিক মানসিক আৰু সাংস্কৃতিক নেতৃত্ব প্ৰদানেৰে সমাজ গঢ়াৰ প্ৰচেষ্টা কৰিছিল ৷

শিৱসাগৰ কলেজৰ বৰ্ষজোৰা মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি  ভাষন প্ৰসঙ্গত তেখেতে কয় শক্তিশালী আধাৰৰ ওপৰত প্ৰতিষ্ঠিত শিৱসাগৰ কলেজ আজি গৱেষণা আৰু প্ৰকল্প দাখিলৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় সমূহৰ সমপেক্ষ হোৱাটোৱে শিক্ষানুস্থানখনৰ শৈক্ষিক মানদণ্ডৰ পৰিচয়। লগতে কয় যে অচিৰেই শিৱসাগৰ কলেজখনৰ সমীপতে থকা অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন  কৰি এখন বিশ্ববিদ্যালয়লৈ পৰ্যবসিত কৰা হ'ব বুলিও মন্তব্য কৰে ৷

তেখেতে কয় নতুন শিক্ষা নীতিৰ সফল ৰূপায়নৰ ক্ষেত্ৰত সহায়ক হ'ব পৰাকৈ কলেজ সমূহৰ অধ্যাপকসকলৰ পৰামৰ্শ সদায়ে গ্ৰহণযোগ্য ৷ ছাত্ৰ-ছাত্ৰীসকলক তেও ধন গৰ্ব ক্ষমতাগৰ্ব আৰু বিদ্যাগৰ্বৰ পৰা সদায়ে আঁতৰত থকাৰ পৰামৰ্শ প্ৰদান কৰে ৷

শিক্ষকৰ দায়িত্বৰ কথা দোহাৰি ড° মহন্তই কয় যে - শিক্ষকৰ দায়িত্ব কেৱল তথ্য প্ৰদান কৰাই নহয় ৷ শিক্ষকে ছাত্ৰ ছাত্ৰীক জীৱনৰ দৰ্শন দিব পৰিব লাগিব ৷ তথা জীৱনক উপলদ্ধি কৰিব পৰাকৈ শিক্ষিত কৰি তুলিব পৰিব লাগিব ৷

অধ্যাপক দিলীপ চন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানটোত ভাষন প্ৰদান কৰি বীৰাঙ্গনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধ্যাপক  ড° জ্যোতিপ্ৰসাদ শইকীয়াই কয় যে - শিক্ষানুষ্ঠান সমূহৰ মাপকাঠি কেতিয়াও আন্ত:গাঠনি হ'ব নোৱাৰে ৷ শিক্ষানুষ্ঠানৰ সফলতা তেতিয়াহে হ'ব যেতিয়া সমগ্ৰ অঞ্চল এটাৰ ভিতৰুৱা গাঁও সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰিবলৈ ঢপলিয়াই আহে ৷ তেওঁ কয় - শিক্ষকতা কৰিবলৈ হ'লে অধ্যয়ন পিপাশু এটা মন লাগিবই ৷

সকলো কথাৰে মূল্য নিৰীক্ষণ কৰিব লাগিব ৷ অনুষ্ঠানত অংশ লৈ ৰাজীৱ গান্ধী  সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ উপাচায্য অধ্যাপক দেৱব্ৰত দাসে কয় যে - এখন শিক্ষানুষ্ঠানে সদায় ভৱিষ্যত দৰ্শন ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে ৷ তেখেতে শিক্ষাৰ সৈতে জড়িত সকলক চৰকাৰৰ নতুন নতুন নিৰ্দেশণা  সমূহ বিশ্লেষন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি অহাৰ হকে আহ্বান জনায় ৷

আজিৰ এই সভাত শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে অধ্যক্ষ ড° প্ৰফুল্ল কলিতাই ৷ আদৰণি ভাষন প্ৰদান কৰে উদযাপন সমিতিৰ কায্যকৰী সভাপতি ড° প্ৰকাশ কটকীয়ে ৷ শলাগৰ শৰাই আগবঢ়াই ড° ত্ৰদীপ মহন্তই  ৷ আজিৰ সভাতেই সংসদ ভৱনৰত  বক্ততা প্ৰদান কৰা এই কলেজৰ ছাত্ৰী অনন্যা দত্তক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লগতে মহাৰজত জয়ন্তীৰ প্ৰতীক চিহ্ন প্ৰস্তুত কৰি দিয়া প্ৰাক্তন ছাত্ৰ অনুভৱ বৰাকো  পিতৃৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অধ্যাপক ড০ ইমদাদুৰ ৰহমানক তেখেতৰ প্ৰথম গৱেষক ছাত্ৰীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৷ মহাৰজত জয়ন্তী উপলক্ষ্যে বুধবাৰে শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ পৰা বাহিৰ কৰা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ভাষাতত্ত্ববিদ নাহেন্দ্ৰ পাদুনে ৷ 

এই শোভাযাত্ৰাত বহুতো দল- সংগঠন আৰু কলেজৰ ১৬ টাতকৈ বিভাগে অংশগ্ৰহণ কৰে ৷  অনুষ্ঠানৰ আৰম্ভনিতে শিৱসাগৰ কলেজৰ শিক্ষক আৰু ছাত্ৰ -ছাত্ৰীসকলে " পোহৰ বিচাৰি যাও " শীৰ্ষক গীতটো পৰিবেশন কৰে ৷

assam sivsagar