New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/44e6817b-4af8-4348-887b-788b8b712cd5.jpg)
- ৰংঘৰৰ বাকৰিত বলিউদৰ মহোময়ী অভিনেত্ৰী কৰিশ্মা তন্না।
- অসম পৰ্যটনৰ বাবে নিৰ্মাণ কৰা এখন বিশেষ তথ্য চিত্ৰৰ বাবে এটা বিশাল ইউনিটৰ সৈতে আহি ৰংঘৰ বাকৰিত উপস্থিত হৈছে কৰিশ্মা তন্না।
- অসমত অনুষ্ঠিত হব লগা ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত প্ৰদৰ্শন কৰা হব এই বিশেষ তথ্য চিত্ৰ। তথ্য চিত্ৰৰ সময় ১ মিনিট।
- সঞ্জু, গ্ৰেণ্ড মষ্টি, নাগিন আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰা অভিনেত্ৰী গৰাকীয়ে বিগত দুটা দিনত শিৱসাগৰ জিলাৰ বিভিন্ন মনোৰম লোকেচনত এই তথ্য চিত্ৰ খনৰ শ্বুটিঙ কৰিছে।
- পবিতৰা, মানাহ আদিৰ উপৰি ঘাইকৈ আহোমৰ কীৰ্তিচিহ্নক লৈ তথ্য চিত্ৰখন নিৰ্মিত হ'ব। তথ্য চিত্ৰত ৰংঘৰ, কাৰেংঘৰ, শিৱসাগৰৰ বিভিন্ন দৌল-পুখুৰীয়ে স্থান পাব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/3f4f131f-b743-48c1-834e-2f00925ed526.jpg)
- অভিনেত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত মনোভাৱ ব্যক্ত কৰি কয় – ইয়াৰ মানুহ বৰ মৰমীয়াল আৰু সহায়কাৰী ৷
- এই তথ্য চিত্ৰ বিদেশী পৰ্যটকৰ আকৰ্ষণৰ বাবে নিৰ্মাণ কৰা হৈছে। শিৱসাগৰ জিলা প্ৰশাসনে
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/cd38d236-865d-47a5-9f9c-52c02f4bfa30.jpg)
- বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। উপায়ুক্ত এম এছ লক্ষীপ্ৰিয়াই বিশেষ সহযোগ কৰিছে।
- টুৰিষ্ট গাইড মানস কলিতাই বিভিন্ন ল'কেশ্যন আৰু কীৰ্তিচিহ্নৰ বুৰঞ্জীৰ বিষয়ে কৈছে। তথ্য আৰু জনসংযোগ বিভাগ, অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়, পৰ্যটন বিভাগেও সহযোগ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/d7d51d46-3d99-4fc9-b677-778aa82a527f.jpg)