/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/sivsagar-ayushman-attracts-everyone.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ প্ৰতিভাৱান শিশু আয়ুষ্মান শইকীয়াই বিভিন্ন প্ৰতিযোগীতাত শীৰ্ষস্থান লাভেৰে চমক সৃষ্টি কৰিছে। আয়ুষ্মানৰ এই সাফল্যই অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। অইল ইণ্ডিয়াৰ কৰ্মচাৰী প্ৰাঞ্জল জ্যোতি শইকীয়া আৰু প্ৰীতি ৰেখা বড়াৰ পুত্ৰ আয়ুষ্মান। পিতৃ চাকৰি সূত্ৰে দুলিজানৰ বাসিন্দা যদিও তেওঁৰ প্ৰকৃত ঘৰ শিৱসাগৰত। বৰ্তমান আয়ুষ্মানৰ বয়স মাথো ৪ বছৰ ৬ মাহ। ডিপিএছ স্কুলৰ নাৰ্চাৰীত শাখাত অধ্যায়ণ কৰি আছে আয়ুষ্মানে।
২০১৮ চনৰ ডিচেম্বৰ মাহত প্ৰথম বাৰৰ বাবে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগীতাত ভাগ লয়। ইয়াৰ পাছৰে পৰাই আয়ুষ্মানে গুৱাহাটী, শিৱসাগৰ, দুলিয়াজান আদিত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি বহু খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। আয়ুষ্মানে যোৱা ছয়টা মাহতে ১৮ খনকৈ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰাৰ লগতে সদৌ অসম ভিত্তিত হোৱা সাজপাৰ প্ৰতিযোগিতাতো সম সংখ্যক চাৰ্টিফিকেট আৰু ট্ৰফী লাভ কৰিছে। এই ক্ষেত্ৰত আয়ুষ্মানক সম্পূৰ্ণ ৰূপে সহায় সহযোগিতা কৰিছে মাতৃ প্ৰীতি ৰেখা বড়াই। তেওঁ নিজে এগৰাকী নৃত্যৰ শিল্পী হোৱা লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগটো জড়িত।
আয়ুষ্মানৰ পঢ়াৰ লগতে ড্ৰয়িং প্ৰতিও ধাউতি আছে। বৰ্তমান সময়লৈকে আয়ুষ্মানে 'দুলিয়াজান কিডছ ফেশ্যন'ৰ সৌজনত অনুষ্ঠিত সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগীতাত best photogenic subtitle খিতাপ লাভ কৰাৰ উপৰিও গুৱাহাটী আই টি এ প্ৰাগজ্যোতি চেণ্টাৰ মাছখোৱাত অনুষ্ঠিত হোৱা Northeast Superstar beauty contestত দ্বিতীয় runner up at subtitle Most promising face বঁটা পাবলৈ সক্ষম হয়।
Mega Northeast 2019 ত আয়ুষ্মানে Winner আৰু subtitle Best costume পাবলৈ সক্ষম হয়। দুলিয়াজনৰ সদৌ অসম ভিত্তিত হোৱা সাজপাৰ প্ৰতিযোগীতাত আয়ুষ্মানে উদগনি বঁটা লাভ কৰে।শিৱসাগৰ অনুষ্ঠিত হোৱা Master kid's United Assam Beauty contest 2nd runner up আৰু Best hair পাব সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/0e7f3126-3231-4475-936f-97583294f5f7-682x1024.jpg)
দুলিয়াজান বিহুতলীত অনুষ্ঠিত হোৱা Sristi crafts & Ramdhenu welfare Organization present's kid's icon & iconic beauty contest Aayushmaan এ winner আৰু subtitle best walk লাভ কৰিব সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/392d6bed-d865-4bf7-bc64-2cadc0b5b0dc.jpg)
আয়ুষ্মানৰ জীৱনৰ লক্ষ্য হৈছে আৰ্মী অফিচাৰ হোৱা। তেওঁ চুপাৰ হিৰ' স্পাইডাৰ মেন। বৰ্তমান সময়ত তেওঁৰ প্ৰতিভা সমগ্র অসমতে বিয়পি পৰিছে। আয়ুষ্মানৰ উজ্বল ভৱিষ্যত কামনা কৰিছে শিৱসাগৰ আৰু দুলিয়াজানবাসীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/cc889286-06ce-48c8-927f-27a943ff67f1.jpg)