নাজিৰাৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনকভাৱে ৰুগ্ন হোৱা যুৱকৰ মৃত্যু...

অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ
নাজিৰাৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনকভাৱে ৰুগ্ন হোৱা যুৱকৰ মৃত্যু...
নাজিৰাৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনকভাৱে ৰুগ্ন হোৱা যুৱকৰ মৃত্যু...

ডিজিটেল সংবাদ শিৱসাগৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়লৈ উঠা নিচামুক্তি কেন্দ্ৰসমূহৰ একাংশত ইতিপূৰ্বে ভালেকেইটা হত্যাকাণ্ড সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ শেহতীয়াভাৱে শিৱসাগৰ জিলাৰ নাজিৰাত থকা এটা নিচামুক্তি কেন্দ্ৰ পৰিচালনা কৰা ব্যক্তিৰ অত্যাচাৰ আৰু অৱহেলাৰ বাবেই এজন যুৱকে অকাল মৃত্যুক আকোঁৱালি লোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷

এই ঘটনাৰ সন্দৰ্ভত আজি দুৰ্ভগীয়া যুৱকজনৰ পৰিয়ালৰ লোকে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকক তদন্ত বিচাৰি এখন এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰত উল্লেখ কৰা অনুসৰি যোৰহাট জিলা মৰিয়নীৰ ভেলগুৰি অঞ্চলৰ বকুল ৰাণা নামৰ ব্যক্তিজনৰ পুত্ৰ বাবুল ৰাণা ওৰফে বাবলু ( ২৭) য়ে অত্যাধিক সুৰাপান কৰাৰ বাবে পৰিয়ালৰ লোকে বিগত বৰ্ষৰ ২০ ছেপ্টেম্বৰত নাজিৰাৰ লিগিৰী পুখুৰীৰ সমীপৰ লক্ষিমী পুখুৰীৰ কাষত অৱস্থিত ৰিভাৰচে'ল ফাউণ্ডেচন নামৰ নিচামুক্তি কেন্দ্ৰৰ আশ্ৰয় লয় ৷ 

নিচামুক্তি কেন্দ্ৰটোৱে যুৱক জনক নিজৰ জিম্মাত লয় যদিও যুৱক জনৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱাৰ গুৰুত্বৰ অভিযোগ এজাহাৰত উল্লেখ কৰিছে ৷ বিগত অক্টোবৰ মাহত পৰিয়ালৰ লোকে বাবলু ৰাণাক সাক্ষাৎ কৰাৰ বাবে নিচামুক্তি কেন্দ্ৰটোত উপস্থিত হয় যদিও পৰিয়ালৰ লোকক যুৱকজনক সাক্ষাৎ কৰিবলৈ নিদিলে দায়িত্বত থকা কেন্দ্ৰৰ কৰ্মচাৰীয়ে ৷

শেহতীয়াকৈ যোৱা ৩ মে’ৰ দিনা পৰিয়ালৰ লোকে নিচামুক্তি কেন্দ্ৰটোলৈ বাবুলুৰ খবৰ ল'বলৈ ফোন কৰে যদিও কৰ্মচাৰীসকলে ৰহস্যজনকভাৱে যুৱকজনৰ লগত পৰিয়ালৰ লোকক কথা পাতিবলৈ নিদিলে ৷ নিচামুক্তি কেন্দ্ৰ কৰ্তৃপক্ষই যুৱকজন ভালে আছে বুলি পৰিয়ালৰ লোকক অবগত কৰে ৷

কিন্তু এটা দিনৰ পিছতেই অৰ্থাৎ ৪ মে’ৰ দুপৰীয়া বাৰ ১২-১৭ বজাত ফোন কৰি নিচামুক্তি কেন্দ্ৰ কৰ্তৃপক্ষই বাবুল ৰাণা জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈ থকা বুলি জানিবলৈ দিয়ে । পৰিয়ালৰ লোকে জয়সাগৰ চিকিৎসালয়ত উপস্থিত হৈ অতি সংকটজনক অৱস্থাত বাবলু ৰাণাক আবেলি চাৰে তিনি বজাত যোৰহাট মেডিকেল কলেজলৈ লৈ যায় ৷

কিন্তু মেডিকেলক চিকিৎসা লাভৰ পূৰ্বেই ৪-৪৫ বজাত যুৱকজনৰ মৃত্যু হয় ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৰিপ'ৰ্ট ৫ মে'ৰ দিনা মৰিয়নীয় শেষকৃৰ্ত্য সম্পন্ন কৰা হয় ৷ মৃত্যুৰ পূৰ্বে যুৱকজনে নিচামুক্তি কেন্দ্ৰত তেওৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলোৱা বুলি অভিযোগ কৰিছিল বুলিও জানিব পৰা গৈছে ৷

নাজিৰাৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনকভাৱে ৰুগ্ন হোৱা যুৱকৰ মৃত্যু...
দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in