/asomiyapratidin/media/media_files/2025/02/11/z6M54HjTHCDPzwJERrHw.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ ইক' ক্লাব, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ লগতে অৰ্থনীতি বিভাগৰ উদ্যোগত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ, ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সহযোগত, পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অংশ ৰূপে 'কেঁচুসাৰ, গোটা আৱৰ্জনা ব্যৱস্থাপনা বৰষুণৰ পানী সংগ্ৰহ' সম্পৰ্কীয় এখনি এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয়।
বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই আদৰণী ভাষণত কয় যে বহনক্ষম জীৱনৰ বাবে পৰিৱেশ সুৰক্ষা, গুণসম্পন্ন খাদ্য উৎপাদন আৰু স্বাস্থ্যৰ সুৰক্ষা আন্তঃসম্পৰ্কিত। এনে গুৰুত্বপূৰ্ণ দিশৰ সৈতে জড়িত বিষয়েৰে সময়োপযোগী কৰ্মশালা অনুষ্ঠিত কৰা বাবে উদ্যোক্তা তথা ইক' ক্লাবৰ সমন্বয়ক তথা এনএছএছ গোটৰ কাৰ্যক্ৰম বিষয়া ড° ৰিমঝিম বৰাৰ লগতে আয়োজক সমিতিক ধন্যবাদ জনায়।
ড০ মহন্তই স্বচ্ছ আৱৰ্জনা বজাই ৰখা আৰু পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে ফলপ্ৰসূ গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কে নাগৰিকসকলৰ মাজত সজাগতা বৃদ্ধিৰ দিশত গুৰুত্ব আৰোপ কৰে। পৰিৱেশ কল্যাণৰ প্ৰতি জনসাধাৰণৰ অৱহেলাৰ বিভিন্ন দৃষ্টান্ত উল্লেখ কৰি ড০ মহন্তই এনেধৰণৰ পদ্ধতিৰ দ্বাৰা সৃষ্টি হোৱা বিপদৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি পৰিৱেশ বহনক্ষমতাৰ বাবে অধিক অনুকূল অভ্যাস গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ইকো ক্লাবৰ সমন্বয়ক, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া তথা গড়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰিমজিম বৰাই কৰ্মশালাখনিৰ আঁত ধৰি ভাৰত চৰকাৰৰ পৰিৱেশ, বন, আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে আৰম্ভ কৰা পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ড০ বৰাই পৰিৱেশ সজাগতা বৃদ্ধি, বহনক্ষম পদ্ধতিসমূহক প্ৰসাৰিত কৰা, সংৰক্ষণ কাৰ্য্যকলাপত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণক উৎসাহিত কৰাত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ইকো ক্লাবৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা ব্যাখ্যা কৰে।
কেঁচুসাৰ বিষয়ক প্ৰশিক্ষণ প্ৰদানৰ বাবে সমল ব্যক্তি ৰূপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক অমৃত কুমাৰ শইকীয়া। তেওঁ কেচুঁসাৰ প্ৰস্তুতকৰণৰ সৈতে জড়িত পদ্ধতি, ভিন্ন প্ৰক্ৰিয়া, কেঁচু সাৰৰ উপযোগিতা আৰু প্ৰয়োজনীয়তা, প্ৰতিৰোধমূলক ব্যৱস্থা, ভিন্ন কৌশলৰ বিষয়ে বক্তব্য দাঙি ধৰে।
তেওঁ আৱৰ্জনা হ্ৰাসকৰণ আৰু জৈৱিক সাৰ উৎপাদনৰ বাবে কেঁচু সাৰৰ উপকাৰিতাৰ বিষয়ে উদাহৰণসহ ব্যাখ্যা কৰে। কেঁচুসাৰ উৎপাদনৰ বাবে প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় সামগ্ৰী, কেঁচু,পচন সাৰ, খাদ্যৰ উৎস আদিৰ বিষয়েও তেওঁ বিশদভাৱে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে।
দ্বিতীয় গৰাকী সমল ব্যক্তি ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ পাকিজা বেগমে গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ ধাৰণা, শিক্ষানুষ্ঠানত ইয়াৰ প্ৰয়োজনীয়তা, জৈৱিকভাৱে বিনষ্ট হোৱা, জৈৱিকভাৱে বিনষ্ট নোহোৱা আৰ্ৱজনা, আৱৰ্জনা ব্যৱস্থাপনাত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা, গোটা আৱৰ্জনাসমূহৰ পৰিৱেশ ওপৰত প্ৰভাৱ আৰু ইয়াৰ ব্যৱস্থাপনাৰ বাবে বিভিন্ন ফলপ্ৰসূ পদ্ধতিৰ বিষয়ে আলোচনা কৰে।
তৃতীয়গৰাকী সমল ব্যক্তি, গড়গাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক ড০ সুৰজিৎ শইকীয়াই বৰষুণৰ পানী সংগ্ৰহৰ ধাৰণা আৰু পানী সংৰক্ষণৰ ক্ষেত্ৰত ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰে। তেওঁ ছাদ আৰু পৃষ্ঠৰ পৰা বৈ যোৱা পানী সংগ্ৰহকে ধৰি বিভিন্ন ধৰণৰ বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে ৷
ইয়াৰ সুবিধাসমূহ যেনে ভূগৰ্ভস্থ পানী পুনৰ ভৰোৱা, উন্নত পানীৰ উপলব্ধতা, আৰু পৰিৱেশৰ বহনক্ষমতাৰ ওপৰত আলোকপাত কৰে। ড° শইকীয়াই ভাৰত আৰু চীনৰ বিভিন্ন সফলতাৰ কাহিনীৰ ব্যৱহাৰিক উদাহৰণ দি বৰষুণৰ পানী সংগ্ৰহৰ মৌলিক ব্যৱস্থাৰ মূল উপাদানসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে।
ড° শইকীয়াই বৰষুণৰ পানী সংগ্ৰহ সম্পৰ্কীয় কিছুমান অডিঅ'-ভিডিঅ' ক্লিপ প্ৰদৰ্শন কৰে। সকলো অংশগ্ৰহণকাৰীকে কেঁচুসাৰ প্ৰস্তুত কৰণৰ বাবে, আৱৰ্জনা বিভাজন, আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰাৰ সন্দৰ্ভত হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰা হয়।
আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে গড়গাঁও মহাবিদ্যালয়ৰ এন এছ এছৰ স্বেচ্ছাসেৱকসকলে এক বিশেষ প্ৰৰ্দশনী অনুষ্ঠিত কৰাৰ লগতে ১০ খন বিদ্যালয়ৰ ৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানটিত ১৪ গৰাকী তত্বাৱধায়ক শিক্ষক, ৩০ গৰাকী এন এছ এছ স্বেচ্ছাসেৱক আৰু গড়গাঁও মহাবিদ্যালয়ৰ সকলো শিক্ষক-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।কৰ্মশালাত কেইজনমান অংশগ্ৰহণকাৰীয়ে তেওঁলোকৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰাৰ লগতে সমল ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে।
কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, উপাধ্যক্ষ দিগন্ত কোঁৱৰ আৰু অমৃত শইকীয়াই অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰে।