/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/204d7283-e585-4b54-9263-6243d2a488b9/sivsagar.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে শৃংখল চলিহাক বিহুৰ চান্দা বিচাৰি গৈ বহিৰাগত ব্যৱসায়ীৰ মুখত থুৱাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰ আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰৰ এদিন পিছতেই বুধবাৰে জামিন লাভ কৰিছিল বীৰ লাচিত সেনাৰ নেতা জনে ৷
জামিন লাভ কৰি শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তে শিৱসাগৰৰ এক উচ্চপদস্ত আৰক্ষী বিষয়া দলে পুনৰ গ্ৰেপ্তাৰ কৰে । NSA গোচৰত চলিহাক গ্ৰেপ্তাৰ কৰা হয় ৷
কিয় পুনৰ গ্ৰেপ্তাৰ কৰিলে এই লৈ বিভিন্ন জনে সামাজিক মাধ্যমযোগে প্ৰশ্ন উদয় হৈছিল ৷ সকলোৰে মনত এনে প্ৰশ্ন উদয় হোৱাৰ সময়তে অৱশেষত সদৰি কৰিছে শিৱসাগৰ দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে ৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা ৩(২) অধীনত গ্ৰেপ্তাৰ কৰা হৈছে শৃংখলক ৷
তিনিমাহ পৰ্যন্ত শিৱসাগৰত ৰখা হ’ব পাৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীক ৷ পুনৰ নেতাগৰাকীক ধৰ্মীয়, ভাষিক, সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নেতাগৰাকীক ৷
ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অস্ত্ৰ সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ৷ বিভিন্ন কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি সমাজৰ জাতি সম্পদায়ৰ মাজত বীজ সিচাৰ লগতে সমাজত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷
লগতে চলিহাই বিভিন্ন সময়ত বন্ধ ঘোষণা কৰি স্বাভাবিক জীৱন যাত্ৰা ব্যাহত কৰাৰ লগতে পৰিৱহন ব্যৱস্থা বন্ধ অত্যাৱশীয়কীয় সামগ্ৰীৰ নাটনিৰ পৰিস্থিতিতি সৃষ্টি কৰাত অৰিহণা যোগোৱাৰ লগতে লগতে পুনৰ এনে কৰ্মৰ পৰিকল্পনা কৰাৰ জানিব পাৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷
লগতে একাংশ শুকননামাত উল্লেখ কৰা অনুসৰি একাংশ বিশেষ ব্যৱসায়ী গোষ্ঠীক দাবী ধমকি দি সাম্প্ৰদায়িক ঘৃণা, ধৰ্মীয় বিভেদ, ভাষিক অসহিষ্ণুতা বৃদ্ধি কৰি একাংশ সহযোগীৰ সহায়ত ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অস্ত্ৰ সংগ্ৰহৰ অভিযোগো উত্থাপিত হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে ৷
Also Read: বুৰাবুৰী এফ পি চি ৰ কাৰ্যালয় গৃহৰ শুভ উদ্বোধন...