শিৱসাগৰত 'ঠ' আৰু 'থ'ৰ তয়াময়া যুঁজ: এই যুঁজ পাইছেগৈ দণ্ডাধীশৰ মজিয়া...

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সময়তে অসমীয়া ভাষাৰ কঠিয়াতলী স্বৰূপ শিৱসাগৰত 'ঠ' আৰু 'থ' বৰ্ণক লৈ চলিছে তয়াময়া যুঁজ।  দুটা ফৈদৰ মাজত চলিছে এই যুঁজ ৷

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত 'ঠ' আৰু 'থ'ৰ তয়াময়া যুঁজ: এই যুঁজ পাইছেগৈ দণ্ডাধীশৰ মজিয়া...

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ সময়তে অসমীয়া ভাষাৰ কঠিয়াতলী স্বৰূপ শিৱসাগৰত 'ঠ' আৰু 'থ' বৰ্ণক লৈ চলিছে তয়াময়া যুঁজ।  দুটা ফৈদৰ মাজত চলিছে এই যুঁজ ৷

Advertisment

শিৱসাগৰ জিলাৰ এখন ঠাইৰ নামৰ বানানক লৈ সৃষ্টি হোৱা এই মতানৈক্য দণ্ডাধীশৰ মজিয়া পালেগৈ। এতিয়া বিমোৰত পৰিছে দণ্ডাধীশ।  'ঠ' আৰু 'থ' ৰ সমৰ্থনত দুয়োটা ফৈদে দাখিল কৰিছে পৰ্যাপ্ত প্ৰমাণ। বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বহু পুৰণি চৰকাৰী দলিল দাখিল কৰিছে দুয়োটা পক্ষই।

গাওঁখন এতিয়া বিভাজিত হৈছে 'ঠ' আৰু 'থ' ফৈদত। পৰিস্থিতি এনে হৈ পৰিছে যে গাওঁখনৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লিখিত নাম চাই হে ৰাইজ সমৱেত হয়। 'ঠ' লিখা অনুষ্ঠানত 'থ' ফৈদ উপস্থিত নেথাকে আৰু 'থ' লিখা অনুষ্ঠানত 'ঠ' ফৈদ উপস্থিত নেথাকে।

মুঠৰ ওপৰত অসমীয়া বৰ্ণমালাৰ দুটা বৰ্ণই গাওঁখনক বিভক্ত কৰাৰ উপক্ৰম হৈছে। এই গাওঁখন হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক কাথপাৰ গাওঁ। উল্লেখ্য যে, ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰ পুখুৰীৰ চাৰিটা পাৰৰ নাম ক্ৰমে পূব পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাঠপাৰ, উত্তৰ পাৰৰ নাম জয়াপাৰ, আৰু দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ।

শিৱসাগৰ পুখুৰী খন্দোৱা আগতেই অৱস্থিত আছিল কাথপাৰ গাওঁ। এই গাওঁখনৰ কাথপাৰ নামৰ সৈতে জড়িত হৈ আছে বৈষ্ণৱ গুৰু শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ নাম।

শিৱসাগৰত 'ঠ' আৰু 'থ'ৰ তয়াময়া যুঁজ: এই যুঁজ পাইছেগৈ দণ্ডাধীশৰ মজিয়া...

আহোম স্বৰ্গদেউ চুৰামফাৰ দিনত এচাম আহোম ৰাজবিষয়াৰ ষড়যন্ত্ৰৰ বলি হৈ গুৰু নিত্যানন্দ দেৱ স্বৰ্গদেউৰ ৰোষৰ বলি হয়। স্বৰ্গদেউৱে গুৰুক মৃত্যুদণ্ড বিহে।

ৰজাৰ আদেশ গুৰুৱে মানি লয় যদিও চাওদাঙৰ হাতত মৰাৰ সলনি ধ্যানত বহি স্বমৃত্যু আঁকোৱালি লয়।মৃত্যুদণ্ড দিয়াৰ আগতেই গুৰুৰ মৃত্যু দেখি চাওদাঙে পলায়ন কৰাত স্বৰ্গদেউৰ ৰোষৰ পৰা বাচিবলৈ গুৰু নিত্যানন্দ দেৱৰ শিষ্যসকলে কৌশলেৰে নাঁৱত গুৰুৰ নশ্বৰ দেহ লৈ দিখৌ নদীয়েদি ভটিয়াই দৰিকা উপনৈ হৈ বৰ্তমানৰ কাঠপাৰ গাঁৱৰ কায়স্থ লোক বৰকাথৰ ভঁৰালৰ তলত গুৰু শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ দেহ মনে মনে দাহ কৰে। 

শিৱসাগৰত 'ঠ' আৰু 'থ'ৰ তয়াময়া যুঁজ: এই যুঁজ পাইছেগৈ দণ্ডাধীশৰ মজিয়া...

বৰকাথে তেওঁ কৰা কিবা দোষৰ বাবে ভঁৰাল জাহ গল বুলি সমাজক কলে। এই বৰকাথৰ ভঁৰাল থকা ঠাইত স্থাপন হ'ল এখন থান- শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থান।

তেতিয়াৰ পৰা কায়স্থ বৰকাথৰ নাম অনুসৰি ঠাইৰ নাম পৰিল কাথপাৰ। এতিয়া এই নামক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত মতবিৰোধ হৈছে। এচামে কৈছে 'কাথপাৰ' আনচামে কৈছে 'কাঠপাৰ'। শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থানৰ নামত যদি 'কাথপাৰ' লিখা আছে তেন্তে ৰংগমঞ্চত লিখা আছে 'কাঠপাৰ'। 

এখন বিদ্যালয়ৰ নাম যদি 'কাঠপাৰ' বুলি আছে আন অনুষ্ঠানত লিখা আছে 'কাথপাৰ'। মুঠৰ ওপৰত এই দুটা বৰ্ণৰ খেলিমেলিত অঞ্চলটোৰ মানুহৰ মাজত মতান্তৰে দেখা দিছে।

শিৱসাগৰত 'ঠ' আৰু 'থ'ৰ তয়াময়া যুঁজ: এই যুঁজ পাইছেগৈ দণ্ডাধীশৰ মজিয়া...

বিষয় নিষ্পত্তিৰ বাবে দণ্ডাধীশৰ আগত গোচৰ পৰিল। দুয়োপক্ষৰ বহুজন লোকে বহু দলিল-তথ্য-প্ৰমাণ লৈ দণ্ডাধীশৰ আগত উপস্থিত হ'ল।

দুয়োপক্ষৰ যুক্তি আৰু প্ৰমাণ দেখি দণ্ডাধীশে ল’ব পৰা নাই সিদ্ধন্ত।শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ মজিয়াৰ পৰা এতিয়া শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্ত দণ্ডাধীশৰ মজিয়া পালে 'ঠ' আৰু 'থ'ৰ যুঁজে।

বিমোৰত পৰিছে প্ৰশাসন। কি সিদ্ধান্ত ল’ব? কি হ'ব অঞ্চলটোৰ নামৰ বানান? 'কাথপাৰ' নে 'কাঠপাৰ'?

শিৱসাগৰ