শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা : থিতাতে নিহত দুই যুৱক

শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা : থিতাতে নিহত দুই যুৱক

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীৰ ফুটবল দলৰ ১০জনৰ দেহত কোভিড পজিটিভ…

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ জিলাৰ জয়সাগৰৰ মানকটা তিনিআলিৰ সমীপৰ মঙলবাৰে নিশা প্ৰায় ১০-২০ বজাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই পথ দুৰ্ঘটনাত দুজন যুৱক থিতাতে নিহত হয়।

Advertisment

প্ৰাপ্ত বাতৰি মতে নিশা প্ৰায় ১০-০০ বজাত দুই বন্ধু ক্ৰমে  ঢুলীয়াপাৰ গাৱঁৰ নৱজ্যোতি বৰা (৩১) আৰু মৌপুৰীয়া গাঁৱৰ বিৰাজ হাজৰিকা (৩৩)ই ঐতিহাসিক পহুগড়ৰ দিশৰ পৰা মানকটা তিনিআলিৰ দিশে এ এচ ০৪-এ ই ৯৩৬৮ নম্বৰৰ ইয়ামাহা বাইক তীব্ৰ বেগৰে চলাই আহি পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড জোৰত খুন্দা মাৰি দুই বন্ধু বহু দূৰৈত ছিটিকি পৰে। বিকত শব্দ শুনি স্থানীয় লোক ঘৰৰ পৰা ওলাই আহি  দুজন যুৱক পথৰ কাষত চটফটাই থকা প্ৰত্যক্ষ কৰে।

তাৰ কিছু সময়ৰ পাছতেই দুই যুৱকৰ মৃত্যু হয় । স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঐতিহাসিক পহুগড় থকা এখন ধাবাৰ পৰা যুৱক দুজনে আত্যাধিক সুৰাপান কৰি আহিছিল ।

নিশা জনশূন্য পথত দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজে জয়সাগৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দুয়োজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি জয়সাগৰস্থিত অসামৰিক চিকিৎসাললৈ আনে। উল্লেখ যে নৱজ্যোতি বৰা বিবাহিত হোৱাৰ লগতে এটি কন্যা সন্তানৰ পিতৃ । দুই যুৱকৰ অকাল মৃত্যুত স্থানীয় ঢুলীয়া পাৰ আৰু মৌপুৰীয়া গাওঁত গভীৰ শোক ছাঁ পৰে।

Also Read: ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : আপ নেত্ৰী পুনম গগৈ

sivsagar police Assam police