মথুৰাপুৰত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত ৩জন

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তগৰ্ত গেছ কোম্পানী তিনিআলিত শনিবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত তিনি ছাত্রৰ কৰুণ মৃত্যু হয়। বাইক আৰু বলেৰ' পিক আপৰ মাজত সংঘৰ্ষত ফলত সংঘটিত হয় এই দুৰ্ঘটনা৷ এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

নিহত হোৱা ৩জনৰ নাম অংগসৌষ্ঠৱ বৰগোহাঁই (১৬), দ্বীপ মূড়া(১৮) আৰু মানৱ বাউৰী ৷ ইয়াৰে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মানৱ বাউৰী নামৰ ছাত্রগৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৷

ROAD ACCIDENT
বিধানসভা নিৰ্বাচন২০২৪ঃ অব্যাহত আছে অৰুণাচল-ছিকিমৰ ভোটগণনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in