/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/9f2f3761-6a4b-4207-9ac9-8b69bfa36b3f/pani.jpg)
ডিজিটেল সংবাদ,নামতি : শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত নামতি আলি গাওঁ পঞ্চায়ত এলেকাৰ লোণপুৰীয়া ইটাখোলা গাঁৱৰ একমাত্ৰ পথটো এতিয়া জলমগ্ন। এজাক বৰষুণতেই ৰাস্তাৰ ওপৰেদি বৈ যোৱা পানীৰ ফলত জলমগ্ন হৈ পৰে এই পথটো।
ফলত অঞ্চলটোৰ নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত দেওপানী গ্ৰাণ্ট খনামুখ বনুৱা উচ্চ ইংৰাজী বিদ্যালয়, দেওপানী গ্ৰাণ্ট খনামুখ বনুৱা মধ্য ইংৰাজী বিদ্যালয় আৰু দেওপানী গ্ৰাণ্ট খনামুখ বনুৱা প্ৰাথমিক বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীয়ে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে । জানিব পৰামতে একমাত্ৰ পথটো জলমগ্ন হোৱাত দুদিন ধৰি শিক্ষা গ্ৰহণ কৰিব পৰা নাই উক্ত বিদ্যালয় কেইখনৰ ছাত্ৰ-ছাত্ৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/121b78e1-33e6-421b-b222-ffea95834723/2a3dff3e_2b06_4a3a_9906_efe32d6b2ca5.jpg)
ইয়াৰোপৰি বৰষুণ দিলেই দিন হাজিৰা, শ্ৰমজীৱি, ব্যৱসায় বাণিজ্যলৈ ওলাই যাব নোৱাৰে লোণপুৰীয়া ইটাখোলা গাঁৱৰ খাটিখোৱা ৰাইজ। অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে কান্ধত চাইকেল তুলি দিন হাজিৰা কৰিবলৈ যাব লগা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c567acfc-efbf-4d03-bb26-61b460639ba5/6f2bb966_0020_44c6_8009_0b735395b97e.jpg)
বিশেষকৈ জটিল ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত ভুক্তভোগী ৰাইজৰ আক্ষেপ যে, চকু মুদা কুলিৰ ভাও ধৰিছে নামতি আলি গাওঁ পঞ্চায়তৰ প্ৰতিনিধি তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই। কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই গাঁৱখন সন্দৰ্ভত বাতৰি প্ৰচাৰৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব বুলি একাংশই মন্তব্য কৰে।
Also Read: চাপৰ-শালকোচা শিক্ষা খণ্ডত চৰকাৰী ধন হৰলুকিৰ চেষ্টা...