/asomiyapratidin/media/media_files/2025/02/06/Qw8A8bCRjT1iqiUpOpkP.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ সুপ্ৰিয় সংগীত দত্তই ৰাজস্থানৰ জয়পুৰত সংযুক্ত ভাৰতীয় খেল ফেডাৰেচনৰ অধিনত অনুষ্ঠিত হোৱা দ্বাদশ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ভাৰোত্তলন প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
প্ৰতিযোগিতাখনত সুপ্ৰিয় সংগীত দত্তই ১০০ কেজি শাখাত অসমক প্ৰতিনিধিত্ব কৰি ৩১০ কেজি উত্তোলন কৰি স্বৰ্ণপদক লাভৰ লগতে ৰাষ্ট্ৰীয় অভিলেখো অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
সুপ্ৰিয় সংগীত দত্তই অৰ্জন কৰা এই সফলতাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ আৰু অশাৰ বতৰা কঢ়িয়াই আনিছে ৷ তেওঁ বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ স্নাতক প্ৰথম সন্মাষিকৰ ছাত্ৰ ৷
শিৱসাগৰ হলিনেম স্কুলত শিক্ষা জীৱনৰ পাতনি মেলা সুপ্ৰিয় সংগীত দত্তই টেম্পল টাউট উইৰ স্কুলৰ পৰা উচ্চ মাধ্যমিক আৰু চাই বিকাশ একাডেমিৰ উচ্চতৰ মাধ্যমিক পৰিক্ষাত সুখ্যাতিৰি উৰ্ত্তীণ হৈছিল ৷
স্কুলীয়া জীৱনৰে পৰা ক্ৰীড়াৰ লগত জড়িত সুপ্ৰিয় সংগত দত্ত শিৱসাগৰৰ ন-আলিৰ শ্ৰীমন্ত নগৰৰ বাসিন্দা প্ৰণৱজিৎ দত্ত আৰু মৃনাল শইকীয়াৰ সন্তান ৷ তেওঁৰ সফলতাত শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে সন্তুষ্টি প্ৰকাশ কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us