/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/9q62b7ux/GARGAON-8.jpg)
হৰি নামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত ঐতিহাসিক গড়গাঁও...
ডিজিটেল সংবাদ নাজিৰাঃ হৰি নামৰ ৰসেৰে আৰু শত সহস্ৰজন ভকত-বৈষ্ণৱৰ পদ ৰেণুৰে ৰঞ্জিতহৈ আজি দ্বিতীয় বৈকুণ্ঠত পৰিণত হয় ঐতিহাসিক গড়গাঁও। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ আতিথ্যত উদযাপিত মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটিৰ আজি দ্বতীয় দিন।
পুৱা গুৰুগৃহত প্ৰাত:প্ৰসংগ আৰু পৰিৱেশ নিকাকৰণৰ পিছতে সংঘৰ শিৰৰ মুকুট পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যক্ৰমণিকা পাতনি মেলে। পদাধিকাৰগৰাকীৰ দ্বাৰা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বাহনত প্ৰতিষ্ঠা কৰাৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ঐতিহ্যমণ্ডিত গড়গাঁওৰ পৰা বালিঘাট, শিমলুগুৰি আৰু নাজিৰা নগৰ অতিক্ৰম কৰি বৃহত্তৰ নাজিৰা সমজিলা স্পৰ্শৰে হৰি নামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/b39awwjs/176948e1-adca-4690-a15a-ec6491224aba.jpg)
বিয়লি সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনি শুভ উদ্বোধন কৰি সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল উদ্দেশ্য আৰু লক্ষ্যৰ লগতে ভৱিষ্যত পৰিকল্পিত বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰাই আঁতধৰা মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসম বিধান সভাৰ বিধায়িনী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ভাষণ প্ৰসংগত কয়, জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্য, সংস্কৃতি, আধ্যাত্মিক চিন্তা চৰ্চাৰে পৰিপুষ্ঠ চেতনাবোধ সমগ্ৰ মানৱ সমাজৰ বাবে আদৰ্শৰ বাটকটীয়া স্বৰূপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/qc4kd786/72f4f706-c64c-46a1-821a-a8d79639c0c3.jpg)
তেওঁ কয় গুৰুজনাৰ আদৰ্শত পৰিচালিত হলে সাম্প্ৰতিক সময়ৰ উশৃংখল সমাজৰ অৱধাৰিত যুৱ সমাজ সু-পৰিকল্পিত ভাৱে জীৱন পৰিচালিত হ'ব আৰু সেই দিশত সমাজৰ প্ৰতিজন ব্যক্তিকে গুৰুজনাৰ দৰ্শনৰ ভেঁটিত আগবাঢ়ি যাবৰ বাবে দেৱব্রত শইকীয়াই আহ্বান জনায়। সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৰিপ্ৰেক্ষিতত সংঘৰ নাজিৰা জিলা শাখাৰ ২৮ গৰাকী আই মাতৃয়ে বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা মুকলি সভাত সংঘৰ প্ৰাক্তন পদাধিকাৰদ্বয় কমলা কান্ত গগৈ আৰু ৰজনীকান্ত দত্তই সাম্প্ৰতিক পৰিস্থিতিত গুৰুজনাৰ দৰ্শনক সকলো শ্ৰেণীৰ মানৱ সমাজে আকোঁৱালি লোৱাৰ সময় সমাগত বুলি মত পোষণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/3td9fg28/464a0a10-6dbf-48d1-849a-2568cea9fc84.jpg)
সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আদৰণি সমিতিৰ দ্বাৰা প্ৰকাশিত মঞ্জু ঘৰফলীয়া বড়া আৰু দেৱযানী বকলীয়ালৰ সম্পাদনাত "যুৱ বীক্ষণ" শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সব্যসাচী মহন্তই। আদৰণি সমিতিৰ সভাপতি যতীন লাহনে আদৰণি ভাষণ আগবঢ়োৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি সংঘৰ সাহিত্য শাখাৰ প্ৰাক্তন সভাপতি ড॰ মৃণাল কুমাৰ বৰুৱাই প্ৰসংগত কয় ভগৱত গীতাত থকা দুটা শোভাৰ ভিতৰত আধ্যাত্মিক শোভা মানৱ সমাজৰ বাবে অপৰিহাৰ্য আৰু মানৱীয় সম্পদৰ মহৎ সম্পদ বুলি মত পোষণ কৰে।
ভগৱান প্ৰাপ্তিৰ বাবে উত্তম ব্যৱস্থা হ'ল সেৱা আৰু মানৱ সমাজ মুক্তিৰ সুগম পথ লাভ কৰিব প্ৰকৃত আধ্যাত্মিক সেৱা। ডঃ মৃণাল কুমাৰ বৰুৱাই লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই সেৱাৰ বাবেই এক শৰণ হৰি নাম ধৰ্ম প্ৰসাৰ আৰু প্ৰৱৰ্তন কৰে।
সভাত সংঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোনোৱাল, যুটীয়া সম্পাদক দেৱাঞ্জল বৰা, প্ৰাক্তন যুটীয়া সম্পাদক কুমুদ শইকীয়া, নাজিৰা জিলা শাখাৰ সভাপতি দেৱেন কোঁৱৰ, শিশু আৰু আই মাতৃ কল্যাণ সমিতিৰ উপ- সভানেত্ৰী ৰেখা তামুলী, মূলৰ সদস্য প্ৰশান্ত বৰা, শৰণ সদস্য প্ৰমোদ তামুলী প্ৰাক্তন প্ৰচাৰ শাখাৰ সভাপতি সোনাৰাম ভাগৱতী আদিকে ধৰি ভালে কেইজন মূলৰ বিষয়ববীয়া, বাপ-বান্ধৱ আৰু আই মাতৃ, যুৱক - যুৱতীয়ে অংশগ্ৰহণ কৰে।
এক আধ্যাত্মিক পৰিৱেশেৰে জীপাল কৰা গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগন আজি সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমণিকা যৱনিকা পেলায় ।
Also Read: পাঁচ নাবালিকাক যৌন আতিশয্য চলাই আত্মগোপন কৰা শিক্ষকক নিলম্বন...