শিৱসাগৰৰ ৰূপহী পথাৰত নৰ কংকাল উদ্ধাৰ...

আজি ঐতিহাসিক ৰূপহী পথাৰৰ পিটনিত উদ্ধাৰ হৈছে এটা নৰকংকাল। জয়সাগৰস্থিত চিভিল হাস্পতালৰ সন্মুখৰ ৰূপহী পথাৰত নৰ কংকাল উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে চাঞ্চল্য সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ ৰূপহী পথাৰত নৰ কংকাল উদ্ধাৰ...

ডিজিটেল সংবাদ, শিৱসাগৰঃ আজি ঐতিহাসিক ৰূপহী পথাৰৰ পিটনিত উদ্ধাৰ হৈছে এটা নৰকংকাল। উল্লেখ্য যে, শিৱসাগৰৰ জয়সাগৰস্থিত চিভিল হাস্পতালৰ সন্মুখতে থকা ৰূপহী পথাৰত নৰ কংকাল উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে চাঞ্চল্য সৃষ্টি হৈছে।

উদ্ধাৰ হোৱা নৰ কংকালত প্ৰত্যক্ষ কৰা অনুসৰি পিন্ধনত আছে এটা টি-চাৰ্ট আৰু এটা জিঞ্চ পেণ্ট। জানিব পৰা মতে এগৰাকী স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰিছিল এই নৰ কংকাল।

ইফালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে স্থানীয় আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে নৰ কংকালটো উদ্ধাৰ কৰিছে। তেওঁলোকে সন্দেহ কৰা অনুসৰি প্ৰায় এমাহ পূৰ্বে মৃত্যু হোৱা লোকৰ কংকাল এইটো। অৱশ্যে এতিয়ালৈকে মৃত ব্যক্তিগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।

জয়সাগৰ