মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী পিযুষ হাজৰিকাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনাৰে বন্তি প্ৰজ্বলন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী পিয়ুষ হাজৰিকাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনাৰে বন্তি প্ৰজ্বলন

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী পিযুষ হাজৰিকাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনাৰে বন্তি প্ৰজ্বলন

ডিজিটেল সংবাদ,শিৱসাগৰঃ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনাৰে বন্তি প্ৰজ্বলন একাংশ ৰাইজৰ। শিৱসাগৰ জিলা ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ অন্তগত ভাটিবন গাঁৱৰ ৰাইজৰ এয়া চৰকাৰলৈ কৃতজ্ঞতা।

Advertisment

৩ ছেপ্টেম্বৰত শিৱসাগৰলৈ অহা মন্ত্ৰী পীযুষ হাজৰিকাক সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্র সন্থাই স্মাৰক পত্র প্ৰদান কৰিছিল। সেই স্মাৰক পত্ৰৰ জৰিয়তে বানবিধ্বস্ত গাঁওখনৰ ৰাইজক ১ বিঘাকে মাটি দি পুনৰ সংস্থাপন দিবলৈ অনুৰোধ জনাইছিল। মন্ত্ৰীগৰাকীয়ে সেই অনুৰোধ ৰক্ষা কৰি নিৰ্দেশনা প্ৰদান কৰাৰ পাছতে এনেদৰে বন্তি প্ৰজ্বলন গঞা ৰাইজৰ।

Also Read: ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৭ সংখ্যক ওপজা দিন