/asomiyapratidin/media/media_files/2025/03/13/QwC2Nxe8zOAjQZj7sl2O.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ ঐক্য সম্প্ৰীতিৰ ক্ষেত্ৰত শিৱসাগৰৰ স্থান সুকীয়া ৷ সমন্বয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি শুকানপুখুৰী অঞ্চলত আয়োজিত সদৌ অসম কৃষ্ণসূৰ্য নাম সমাজ আৰু গৱেষণা কেন্দ্ৰৰ সংকল্পিত মহাপালনাম আৰু ভাওনা প্ৰদৰ্শন মাংগলিক অনুষ্ঠানৰ মূল বাটচ’ৰা মুকলি কৰাৰ দায়িত্ব অৰ্পণ কৰিলে নিবন্ধকাৰ এনামউদ্দিন আহমেদক ৷
উদ্যোক্তাসকলৰ আমন্ত্ৰণক শ্ৰদ্ধা জনাই আজি মহাপালনাম ক্ষেত্ৰৰ মূল বাটচ’ৰা ফিটা কাটি উন্মোচন কৰে এনামউদ্দিন আহমেদে ৷ উদ্যোক্তাসকলৰ হেঁপাহ আৰু অঞ্চলটোৰ পৰিবেশ দেখি অভিভূত হৈ পৰা এনামউদ্দিন আহমেদে কয়, ''এই অনুষ্ঠানে বৃহত্তৰ অঞ্চলটোৰ সকলো জনগোষ্ঠীয় লোকক পুনৰ একতাৰ ডোলেৰে বান্ধিলে ৷ বিভিন্ন জনগোষ্ঠীয় লোক একত্ৰিত হৈ সমস্বৰে নাম পৰিৱেশন কৰি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে ৷''
তেওঁ কয় যে ''শিৱসাগৰৰ এক চহকী ঐতিহ্য আছে ৷ শিৱসাগৰ সমন্বয়ৰ বৰভেটি স্বৰ্গদেউ ৷ আহোম স্বৰ্গদেউ চাওল্যুং চুকাফা আৰু তেওঁৰ পৰৱৰ্তীকিলৰ স্বৰ্গদেউসকলে এই মাটিৰ পৰাই ঐক্য সম্প্ৰীতিক মূলমন্ত্ৰ হিচাপে লৈ পাহাৰ ভৈয়াম সমন্বিতে সকলো জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক সামৰি বৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ আনহাতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেও বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক সামৰি সমাজ সংস্কাৰেৰে জাতি গঠন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অনুঘটকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল ৷''
আজি শিৱসাগৰৰ বেতবাৰী শুকানপুখুৰী অঞ্চলত আহোম স্বৰ্গদেউ চাওল্যুং চুকাফা আৰু তেওঁৰ পৰৱৰ্তীকালৰ স্বৰ্গদেউসকলৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহৎ প্ৰচেষ্টা সুন্দৰ ৰূপত প্ৰতিফলিত হোৱা বুলি দোহাৰি এনামউদ্দিন আহমেদে কয় যে, এই পালনাম সফল কৰাৰ বাবে সকলো জনগোষ্ঠীয় লোকৰ লগতে ৰমজান মাহত ৰোজা পালন কৰা স্থানীয় ইছলাম ধৰ্মাৱলম্বী অনেক যুৱকে নিস্বাৰ্থ ভাৱে কাম কৰিছে ৷ এনে দৃষ্টান্ত দেশৰ আন ৰাজ্যত বিৰল ৷
সমন্বয়ৰ এয়া অনুপম নিদৰ্শন ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে এই সমন্বয়ৰ বাৰ্তা অসমৰ বিভিন্ন প্ৰান্তলৈ কঢ়িয়াই নিব ৷ তেওঁ কয় নাম কিম্বা মহাপালনামৰ যোগেদি সকল জনগোষ্ঠীয় লোকক উদ্যোক্তা সকলে একত্ৰিত কৰাত সফল হৈছে ৷
বাটচ’ৰা মুকলি কৰা অনুষ্ঠানত সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ সভাপতি ভৱেন সন্দিকৈ, কাৰ্যকৰী সভাপতি সৰ্বানন্দ কলিতা, ৰজনী চেতিয়া, সাধাৰণ সম্পাদক দিলীপ চাংমাই, সহকাৰী সম্পাদক অসীম চেতিয়া, ৰূপম গগৈ, পৱন ফুকন, ভুৱন গগৈ, অ’এন জি চিৰ অভিযন্তা পাৰ্থ প্ৰতীম বৰা, সাংবাদিক খাইৰুদ্দিন আহমেদ, মুকুল ৰাজকোঁৱৰ, হীৰেণ বাৰুৱতীকে ধৰি ভকত বৈষ্ণৱ আৰু আই মাতৃসকল উপস্থিত থাকে ৷
উল্লেখ্য যে হৰিনামৰ অমিয়া সুৰে মুখৰিত কৰিছে শিৱসাগৰ চহৰৰ পৰা ৫ কিলোমিটাৰ নিলগৰ শুকানপুখুৰী অঞ্চল । প্ৰতিকুল বতৰকো নেওচি ভক্তসকলে সমস্বৰে পৰিৱেশন কৰা পালনামে অঞ্চলটোত সৃষ্টি কৰিছে আধ্যাত্মিক পৰিৱেশৰ ।
আজিৰে পৰা চাৰিদিনীয়কৈ শুকানপুখুৰী অঞ্চলত সদৌ অসম কৃষ্ণসূৰ্য নাম সমাজ আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে সংকল্পিত মহাপালনাম আৰু ভাওনা প্ৰদৰ্শন মাংগলিক অনুষ্ঠান। এই মাংগলিক অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমৱেত হৈছেহি ভকত বৈষ্ণৱসকল ।
শুকানপুখুৰী অঞ্চলৰ ৰাজহুৱা পথাৰত অস্থায়ীভাবে নিৰ্মাণ কৰা বৃহৎ আকাৰৰ অস্থায়ী নামঘৰৰ মণিকূটৰ সন্মুখত ভকত বৈষ্ণৱ সকলে নাম প্ৰসংগ পৰিৱেশন কৰি স্বৰ্গৰ বৈকুণ্ঠক মৰ্ত্যলৈ নমাই অনাৰ পৰিৱেশ সৃষ্টি কৰিছে ।
সংকল্পিত মহাপালনামৰ আজি প্ৰথম দিনা মণিকূটৰ দ্বাৰ উন্মোচন কৰে নামাচাৰ্য খগেন বৰপাত্ৰগোহাঁইয়ে। ইয়াৰ পাছতে গুৰু আসন প্ৰতিষ্ঠা কৰে শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ শচীন্দ্ৰ নাথ গোস্বামীয়ে ।
বাটচ’ৰা উন্মোচনৰ পিছতেই শিৱসাগৰ কোৱঁৰপুৰৰ চিত্ৰৰঞ্জন শইকীয়াৰ দলে দিহানাম পৰিৱেশন কৰে ৷ বকতাৰ সপ্তৰথী দলেও দিহানাম পৰিৱেশন কৰে ৷ আবেলি ভকতৰ শিৱিৰ উদ্বোধন কৰে বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিতোপন ৰাইদঙ্গীয়াই ৷ তাৰ পিছত শিৱসাগৰ সুৰমণ্ডল সংগীত চৰ্চা কেন্দ্ৰই গুৰুবন্দনা, বৰগীত আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰে ৷
আবেলি চাৰি বজাত শৰাই অৰ্পণ কৰে তুল্য চেতিয়া পাতৰে ৷ তাৰ পিছতেই কাটনীপাৰ সত্ৰ ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তই অধিবাস নামপ্ৰসংগ সম্পন্ন কৰে ৷ আজি নিশা কৃষ্ণ সূৰ্য নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ তত্ত্বাৱধানত অংকীয়া নাট ‘পাৰিজাত হৰণ ’ ভাওনা প্ৰদৰ্শন কৰা হয় ৷ পৰিচালনা কৰে নিতুল বৰবায়নে ৷ ভাওনা আগবঢ়াই কামাখ্যা প্ৰসাদ মজিন্দাৰ বৰুৱা আৰু চিৰন্তন দেৱগোস্বামীৰ পৰিয়ালে ৷