
ডিজিটেল সংবাদ,শিৱসাগৰ: শিৱসাগৰ চহৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগৰ জাপিসজীয়াত অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ডৰ লগতে উজনি অসমৰ আটাই কেইখন জিলাক সামৰি তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ইস্তেমা দেওবাৰে পুৱা সমূহীয়া দোৱাৰে সামৰণী পৰে ৷ এই অনুষ্ঠানক কেন্দ্ৰ কৰি আজি সমগ্ৰ অঞ্চল লোকে লোকাৰণ্য হৈ পৰে ৷
বিশ্ববাসীৰ শান্তি কল্যাণ, মংগলৰ বাবে উৎসৰ্গিত সামৰণীৰ এই সমূহীয়া দোৱাত অংশ গ্ৰহণ কৰিবলৈ আজি পুৱতি নিশাৰে পৰা জাপিসজীয়ালৈ আগমণ ঘটে লাখ লাখ লোকৰ ৷ প্ৰায় তিনি লাখ বৰ্গফুটৰ বিশাল মণ্ডপ কালি সন্ধিয়াতেই সম্পুৰ্ণৰূপে ভৰ্তি হৈ পৰাত নিশা অহা ভক্ত প্ৰাণ ৰাইজে মণ্ডপৰ বাহিৰত অৱস্থান কৰে ৷
আজি পুৱতি নিশাৰে পৰাই জাপিসজীয়াৰ ইস্তেমাস্থলীলৈ উজনি নামনিৰ দুয়োদিশৰ পৰাই জনসাধাৰণৰ অভাৱনীয় জনস্ৰোত আৰম্ভ হয় ৷ ফলত পুৱাৰ ভাগতেই জাপিসজীয়াৰ পথাৰত ঠিয় হবলৈও ঠাই নোহোৱা এক পৰিৱেশৰ সৃষ্টি হয় ৷ আনহাতে শিৱসাগৰ চহৰৰ দৰিকা দলঙৰ পৰা আৰু ডিমৌৰ পৰা ৩৭ নং ৰাষ্টীয় ঘাইপথৰ পৰা ইস্তেমালৈ অহা জনতাৰ ভীৰ পৰিলক্ষিত হয় ৷
ব্যাপক জনসমাগমৰ বাবে শিৱসাগৰ চহৰৰ পৰা মাত্ৰ আঠ কিলোমিটাৰ নিলগৰ জাপিসজীয়াত উপস্থিত হ’বলৈ দেৰ ঘন্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হয় ৷ অৱশ্যে ইস্তেমালৈ অহা যান বাহনৰ লগতে ৰাষ্ট্ৰীয় ঘাই পথেদি চলাচল কৰা আন যান বাহনৰ আৰোহী তথা জৰুৰী সেৱা আৰু ৰোগী কঢ়িওৱা এম্বুলেন্স সেৱা যাতে কোনো কাৰণতেই বাধা গ্ৰস্থ নহয় তাৰ বাবে প্ৰায় পাঁচ হেজাৰ স্বেচ্ছাসেৱকে পুৱতি নিশাৰ পৰাই যান বাহণ নিয়ন্ত্ৰণত নামি পৰে ৷
অৱশেষত বহু প্ৰত্যাশিত তথা ইস্তেমাৰ সবাটোতকৈ আকৰ্ষণীয় অন্তিম দোৱা পুৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই দহ বাজি ত্ৰিশ মিনিটত সম্পন্ন কৰা হয় ৷ ভাৰত বৰ্ষৰ প্ৰসিদ্ধ মৌলানা, বিদগ্ধ ইছলামিক পণ্ডিত মৌলানা জামচেছ চাহাবে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণ, শান্তি, সম্প্ৰীতিৰ বাবে কৰা সমূহীয়া দোৱাত জাতি, বৰ্ণ, ভাষা ,নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ পাঁচ লক্ষাধীক লোকে অংশ গ্ৰহণ কৰে ৷
উল্লেখ্য যে, এটকাও বৰঙণি সংগ্ৰহ নকৰাকৈ তথা কোনো ধৰণৰ অভ্যৰ্থনা বা আয়োজক সমিতি গঠন নকৰাকৈ সম্পুৰ্ণ শৃংখলিত ৰূপত আয়োজন কৰা এই বিশাল জাপিসজীয়াৰ ইষ্টেমাস্থলীৰ পথাৰ খন ব্যৱহাৰ কৰিবলৈ স্থানীয় হিন্দু সমাজে স্বতস্ফ্যুৰ্ত ভাৱে ইছলাম ধৰ্মী ৰাইজক দিছিল ৷ আজিৰ পৰা এটা মাহৰ পুৰ্বেই লাই খুঁটা স্থাপন কৰাৰ সময়ৰ পৰাই জাপিসজীয়াৰ হিন্দু সম্প্ৰদায়ৰ ৰাইজে পাল পাতি এই ইষ্টেমাস্থলীত শ্ৰম দান কৰাৰ লগতে বাহঁ, খেৰ ৰ উপৰিও খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷
আজি অন্তিম দোৱাতো ভালেসংখ্যক হিন্দু ধৰ্মাৱলম্বী লোকে ৰাইজৰ সৈতে দুই হাত তুলি সকলোৰে মংগল আৰু শান্তি কামনা কৰাৰ দৃশ্যই মণ্ডপৰ ভিতৰত আৱেগ বিহব্বল পৰিৱেশৰ সৃষ্টি কৰে ৷ চাৰিওফালে হিন্দু সম্প্ৰদায়, চাহ জনগোষ্ঠীয় ৰাইজে আগুৰি থকা জাপিসজীয়া পথাৰৰ আজি অন্তিম দিনাৰ সমুহীয়া প্ৰাৰ্থনাত মুক্ত মনেৰে হিন্দু সম্প্ৰদায়ৰ ৰাইজে অংশ কৰাৰ অন্য এক বিনন্দীয়া দৃশ্যও পৰিলক্ষিত হয় ৷একে সময়তে উজনি, নামনি দিশৰ পৰা ইষ্টেমাস্থলীলৈ অহা ভক্ত প্ৰাণ ৰাইজে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰীয়া জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে বিশুদ্ধ পানী, যান বাহণ ৰখোৱাৰ সুবিধা, বয়োজেষ্ঠ ব্যক্তিক ক্ষন্তেক জিৰণীৰ বাবে সুবিধা দিয়াটোও অন্যতম আদৰণীয় হিচাবে চৰ্চিত হৈছে৷
ইতিমধ্যে ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট মৌলানাৰ লগতে দিল্লী, উত্তৰ প্ৰদেশৰ পৰা অহা বৰেণ্য ইছলামিক পণ্ডিতে বিগত তিনিও দিন লক্ষ্য লক্ষ্য ভক্তক কিদৰে দেশ, ৰাষ্ট্ৰ, সমাজ, পৰিয়ালৰ বাবে নিজকে ছয় ৰিপু দমনেৰে সৰ্বোচ্চ উৎসৰ্গা কৰিব পাৰি সেই সন্দৰ্ভত পৱিত্ৰ কোৰাণ শ্বৰীফৰ ভিত্তিত বক্তৃতা প্ৰদান কৰে ৷
উল্লেখ্য যে, সুদীৰ্ঘ এমাহ জুৰি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই থকা জাপিসজীয়া পথাৰত আজি পুৱা দিল্লীৰ প্ৰসিদ্ধ মৌলানা জামচ্ছেদ চাহাবৰ নেতৃত্বত অনুস্থিত হোৱা সমূহীয়া প্ৰাৰ্থনা আৰু প্ৰাৰ্থনাৰ পুৰ্বে বিশিষ্ট মৌলানা মুফতি ৰিয়াচত চাহাব, মৌলানা জায়েদ চাহাব, মৌলানা মুফতি ফুৰকান চাহাব, মৌলানা আকবৰ চাহাব আৰু মৌলানা মুৰ্ছালিন চাহাবৰ তত্ব গধুৰ শান্তি, মংগলৰ বাণী শুনিবলৈ সমবেত হোৱা পাঁচ লক্ষাধিক ৰাইজৰ মাজত ফুটি উঠিছিল অনৈক্যৰ মাজত সাতামপুৰূষীয়া ঐক্য সংহতি, সম্প্ৰতিৰ এক অনন্য ছবি ৷
উল্লেখ কৰাৰ প্ৰয়োজন যে এই সমগ্ৰ এলাকাটো কৰি তোলা হৈছিল ধপাত মুক্ত ৷ ৰাইজে নিজে প্ৰস্তুত কৰা ডাষ্টবিনত নিজেই আবৰ্জনা পেলাই পৰিবেশ ৰক্ষা কৰে ৷ লক্ষ্যণীয় ভাৱে ইমান বৃহৎ অনুষ্ঠানটোৰ আইন শৃঙ্খলাৰ দিশ পৰিচালনা কৰাৰ বাবে আৰক্ষীৰো প্ৰয়োজন হোৱা নাছিল ৷
আৰু পঢ়ক: অসমৰ লগতে মুঠ ১৩ ৰাজ্যই লাভ কৰিলে নতুন ৰাজ্যপাল, কোনে, ক'ত পালে নিযুক্তি...