/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/af0cde1a-588c-4145-ab18-13c3736e3ec7/Siv_Fire.jpg)
ডিজিটেল ডেস্ক : শিৱসাগৰত নিশা বিধ্বংসী অগ্নিকাণ্ড। শিৱসাগৰৰ হাস্পতাল ৰোডত সংঘটিত হয় এই ঘটনা । ঘটনাত ‘অৰুণছ’ নামৰ এখন কাপোৰৰ বিপণি জুইত জাহ যায়। ক্ষন্তেকতে অগ্নিৰে ছানি ধৰা অঞ্চলটোত অগ্নিনিৰ্বাপকৰ ২০খন বাহনে জুই নিৰ্বাপণ কৰা হৈছিল যদিও অগ্নিকাণ্ডস্থলীত পুনৰ সংঘটিত হয় অঘটন।
৫-৬ ঘণ্টাজোৰা প্রচেষ্টাৰ অন্তত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হোৱা ঘটনাস্থলীত প্রচণ্ড শব্দৰে বিস্ফোৰিত এটা চিলিণ্ডাৰ। যাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা পুনৰ অব্যাহত ৰাখিবলগীয়া হয়।
অগ্নিকাণ্ড সংঘটিত হোৱা উক্ত বিপণিখনৰ স্বত্তাধিকাৰী আছিল আশীষ আগৰৱাল আৰু চুমিত আগৰৱালৰ। উল্লেখ্য যে, অগ্নিকাণ্ডৰ ফলত প্রায় ৩কোটি টকাৰ সম্পত্তি নষ্ট হয়। আনহাতে এই পৰ্যন্ত জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
Also Read: কুকি-মেইটেইৰ সৈতে আলোচনাৰ সম্ভাৱনা গৃহমন্ত্ৰী অমিত শ্বাহৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us