শিৱসাগৰৰ চৰ্চিত পাঞ্জা খেলুৱৈ জিমি দাস আৰু নাই...

জিমি দাসৰ ৰহস্যজনক মৃত্যুত শিৱসাগৰত চাঞ্চল্য। জানিব পৰা মতে জিমিয়ে খাদ্যৰ সতে বিহপান কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সন্দেহ কৰিছে আত্মীয়ই।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
শিৱসাগৰৰ চৰ্চিত পাঞ্জা খেলুৱৈ জিমি দাস আৰু নাইঃ নিশা ল'লে চৰম সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুলৈ জিমি দাসৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্য সৃষ্টি কৰিছে জিলাখনত। প্ৰায় এটা বছৰ পূৰ্বে এক বিক্ষিপ্ত ঘটনাৰ বাবে চৰ্চালৈ আহিছিল শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাস নামৰ কিশোৰীগৰাকী।

Advertisment

শিৱসাগৰ চহৰৰ মাজমজিয়াত অনা অসমীয়া বণীয়াই সামান্য কথাতে প্ৰহাৰ কৰিছিল জিমি দাস নামৰ এই পাঞ্জা খেলুৱৈগৰাকীক। যাৰ পিছত উত্তাল হৈ পৰিছিল শিৱসাগৰ। দল, সংগঠনৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছিল শিৱসাগৰ। জিমিৰ হৈ ন্যায় বিচাৰি কৰা সেই সংগ্ৰামে সফলতাও লাভ কৰিছিল।

কিন্তু প্ৰায় এটা বছৰৰ পিছত হঠাৎ জিমি দাসৰ ৰহস্যজনক মৃত্যুৱে পুনৰ চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে জিমিয়ে খাদ্যৰ সতে বিহমপান কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সন্দেহ কৰিছে আত্মীয়ই।

সোমবাৰে নিশা জিমিয়ে বিহপান কৰাৰ পিছত অসুস্থ হৈ পৰাত তেওঁক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই তেওঁক মৃত্যু হোৱা বুলি উল্লেখ কৰে চিকিৎসকে।    

শিৱসাগৰৰ দিচাংমুখ ৰংচাইৰ গাঁৱৰ নিবাসী জিমি দাসে কিয় এইদৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া সঠিককৈ জানিব পৰা নাই যদিও প্ৰেমজনিত কাৰণতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকীয়ে এইদৰে চূড়ান্ত সিদ্ধান্ত লোৱা বুলি তেওঁৰ মাতৃয়ে সন্দেহ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে এই বিষয়ে সবিশেষ জানিব পৰা যাব। 

পাঞ্জা খেলুৱৈ