Advertisment

শিৱসাগৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় ডিমৌলৈ স্নানান্তৰ কৰাৰ নিৰ্দেশ

শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় অতি চক্ৰান্তমূলক ভাৱে ডিমৌ লৈ স্নানান্তৰিত কৰাৰ কুচকাৱাজ চলিছে ৷ চৰকাৰৰ এনে সিধান্তক লৈ গুজৰি উঠিছে শিৱসাগৰৰ ক্ৰীড়া তথা সামাজিক মহল।

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় ডিমৌলৈ স্নানান্তৰ কৰাৰ নিৰ্দেশ

শিৱসাগৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয় ডিমৌলৈ স্নানান্তৰ কৰাৰ নিৰ্দেশ

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় অতি চক্ৰান্তমূলক ভাৱে ডিমৌ লৈ স্নানান্তৰিত কৰাৰ কুচকাৱাজ চলিছে ৷ চৰকাৰৰ এনে সিধান্তক লৈ গুজৰি উঠিছে শিৱসাগৰৰ ক্ৰীড়া তথা সামাজিক মহল।

Advertisment

উল্লেখ্য যে ঐতিহাসিক শিৱসাগৰ আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত গুৰুত্বপূৰ্ণ স্থান। আহোম ৰাজত্ব কালৰ ৰাজধানী ৰংপুৰ। এই ৰংপুৰকে কেন্দ্ৰ কৰি ইয়াণ্ডাবু সন্ধিৰ পাছত গঠন হৈছিল শিৱসাগৰ জিলা।

এই জিলাৰ সদৰ আছিল শিৱসাগৰ চহৰ । কিন্তু ক্ৰমান্বয়ে যেন অৱহেলিত হ'ব ধৰিছে শিৱসাগৰ জিলাৰ লগতে সদৰ শিৱসাগৰ। স্বাধীনতাৰ পাছৰে পৰা ঐতিহাসিক শিৱসাগৰ জিলাখনৰ বিশেষ কোনো উন্নয়ন নহ'ল।

শিৱসাগৰ সদৰত নাই লেখতলবলগীয়া কোনো শিক্ষা, চিকিৎসা অথবা আন কোনো ঔদ্যোগিক প্ৰতিষ্ঠান। ইমানৰ পাছতো কিন্তু ঐতিহাসিক ৰংপুৰৰ মৰ্যদা হানি কৰি ৰাজনৈতিক পৃষ্ঠপোষকতাত জিলাখনৰ এক চৰকাৰী কাৰ্যালয় শিৱসাগৰ সদৰৰ পৰা ডিমৌলৈ স্থানান্তৰিত কৰাৰ আদেশ দিছে চৰকাৰে।

অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ প্ৰতিষ্ঠা কালৰে পৰা শিৱসাগৰ জিলাৰ সদৰত আছিল জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়। এই বিভাগৰ উদ্যোগত জিলখনৰ ক্ৰীড়া মহলৰ উন্নয়ন আৰু সম্প্ৰসাৰণ সম্ভৱ হৈছিল। কিন্তু ক্ৰীড়া সঞ্চালকৰ দ্বাৰা জাৰি কৰা এক আদেশৰ জড়িয়তে শিৱসাগৰ চহৰত থকা কাৰ্যালয় এতিয়া উঠাই নিয়াৰ আদেশ দিছে ডিমৌলৈ।

এনে আদেশৰ ফলত সততে ক্ষোভিত হৈছে শিৱসাগৰৰ ক্ৰীড়া মহল। অসমৰ প্ৰথম গৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাই চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে। তেওঁ চৰকাৰৰ সিধান্তক চৰম সমালোচনা কৰি "যদি ক্ৰীড়া বিষয়াৰ কাৰ্যালয় শিৱসাগৰ সদৰত ৰাখিবলৈ চৰকাৰৰ ঠাই নাই তেন্তে ঠাই মই দিম। মোৰ ইয়ালৈ আনক'' বুলি অসম গৌৰৱ ক্ৰীড়াবিদ গৰাকীয়ে মন্তব্য কৰে।

শিৱসাগৰ ক্ৰীড়া সন্থাই উক্ত স্থানান্তৰকৰণ স্থগিত ৰাখিবলৈ ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ বিধায়ক আৰু জিলা আয়ুক্তক ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছে। আনহাতে সদৌ তাই আহোম ছাত্র সন্থাই এই স্থানান্তৰিতকৰণক লৈ তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰি এই আদেশ বাতিল নকৰিলে আন্দোলনৰ হুংকাৰ দিছে>

আনহাতে বিভিন্ন দল-সংগঠনে শিৱসাগৰ সদৰক লৈ কৰা এনে কাৰ্যক মুকলি ভাষাৰে সমালোচনা কৰি শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় কোনো কাৰণত শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰিব দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে।

ডিমৌ