/asomiyapratidin/media/media_files/2025/04/11/1k5xprRwQpos7SqY6s0h.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চেছ একাডেমীৰ উদ্যোগত, শিৱসাগৰ জিলা দবা সন্থা আৰু শিৱসাগৰ মাৰোৱাৰী চেৰিট্ৰেবল চছাইটিৰ সহযোগত শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। ৫০ টা আৰ্থিক পুৰস্কাৰ থকা তিনি লাখ টকাৰ মুঠ প্ৰাইজমাণিৰ মুকলি শাখাৰ প্ৰথম ৩৫ হাজাৰ টকা আৰু সমাজকৰ্মী আব্দুৰ ৰহমানে আগবঢ়োৱা শিৱসাগৰ চেছ একাডেমীৰ বঁটা লাভ কৰে বিহাৰৰ দবা খেলুৱৈ অৰ্পণ দাসে।
/asomiyapratidin/media/media_files/2025/04/11/UZRmOIYWFMLJHqnWdkd3.jpeg)
দ্বিতীয় স্থান লাভ কৰি অসমৰ সিং চৰাম ৰাহুলে লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰাজেন বৰাই আগবঢ়োৱা নগদ ২৫ হাজাৰ টকা আৰু চেছ একাডেমীৰ বঁটা লাভ কৰে। তৃতীয় স্থান লাভ কৰি পশ্চিম বংগৰ ফিডে মাষ্টাৰ কুমাৰ গৌৰৱে উদযাপন সমিতিৰ সভাপতি ডা০ প্ৰশান্ত প্ৰতীম শৰ্মাই প্ৰয়াত পিতৃৰ সোঁৱৰণত আগবঢ়োৱা নগদ ২০ হাজাৰ টকাৰ পুৰস্কাৰ আৰু ট্ৰফী লাভ কৰে।
চতুৰ্থ পুৰস্কাৰ লাভ কৰি অসমৰ ইফটিকাৰ আলম মজুমদাৰে আব্দুৰ ৰহমানে আগবঢ়োৱা নগদ পোন্ধৰ হাজাৰ টকা আৰু ট্ৰফী লাভ কৰে। পঞ্চম স্থান লাভ কৰি পশ্চিম বংগৰ ফিডে মাষ্টাৰ জয়দ্বীপ দত্তই মণ্টু বৰুৱাই প্ৰয়াত পিতৃৰ নামত আগবঢ়োৱা ট্ৰফী আৰু নগদ ১১ হাজাৰ টকা আৰু ট্ৰফী লাভ কৰে।
/asomiyapratidin/media/media_files/2025/04/11/TgXxi3HU9ah1TjwIfOWa.jpeg)
ষষ্ঠ স্থান লাভ কৰি মণিপুৰৰ এলেংবাম শশীকান্ত সিঙে ভাৰত শৰ্মাই প্ৰয়াত পিতৃৰ নামত আগবঢ়োৱা নগদ ১০ হাজাৰ টকা লাভ কৰে। সপ্তম স্থান লাভ কৰে পুলকেশ চাহু। অষ্টম সুপ্ৰীতম বৰুৱা, নৱম অভিলেখ হৃদয় গগৈ আৰু দশম স্থান লাভ কৰে পশ্চিম বংগৰ ইণ্টাৰনেশ্যনেল মাষ্টাৰ পালিত চমকে।
একাদশ স্থান সীতাৰ্থ প্ৰতীম বুঢ়াগোহাঁই, দ্বাৰদশ স্থান মহেন্দ্ৰ বৰা, ত্ৰয়োদশ স্থান মনদ্বীপ ধৰ, চতুৰ্দশ স্থান সুধীৰ চনা সিং আৰ. কে., পঞ্চদশ স্থান সিদ্ধাৰ্থ বৰগোহাঁই, ষষ্ঠদশ স্থান কল্পময় কোঁৱৰ, সপ্তদশ স্থান চৈয়দ জাহান হুছেইন, অষ্টাদশ স্থান শোভম ভট্টাচাৰ্য, উনবিংশ স্থান বিতোপন শইকীয়া, বিংশ স্থান ভাৰ্গৱ দেৱনাথ।
মুকলি শাখাৰ পঞ্চাশটা আৰ্থিক পুৰস্কাৰ একাংশ সমাজকৰ্মীয়ে নিজৰ প্ৰয়াত পিতৃ মাতৃ আৰু আত্মিয়ৰ স্মৃতিত আগবঢ়ায়। অন্যহাতে অনুৰ্ধ্বৰ ১৭ বছৰ শাখাৰ ল'ৰা-ছোৱালী উভয় শাখাৰ ট্ৰফীসমূহ আগবঢ়ায় হাঁহচৰা হাইস্কুলৰ শিক্ষয়িত্ৰী স্মৃতি ৰেখা চাংকাকতীয়ে। অনুৰ্ধ্বৰ ১৭ শাখাৰ ছোৱালীৰ প্ৰথম অভিলাসী ফুকন, দ্বিতীয় নিমিষা দাস, তৃতীয় প্ৰিয়াক্ষী পাটৰ।ল'ৰাৰ শাখাত প্ৰথম পৰাশৰ কাশ্যপ, দ্বিতীয় আলোক ৰিদ্ধি সন্দিকৈ, তৃতীয় ৰিয়ান ৰাজনীশ শইকীয়া।
/asomiyapratidin/media/media_files/2025/04/11/DMUgUEH14oFaSJdtEuyj.jpeg)
অনুৰ্ধ্বৰ ১৫ বছৰ ল'ৰাৰ শাখাৰ প্ৰথম দেৱব্ৰত নাথ, দ্বিতীয় গৌৰৱ মোহন চেতিয়া, তৃতীয় নিকুঞ্জ মাধৱ কোঁৱৰ। ছোৱালীৰ প্ৰথম আইলিন বৰুৱা, দ্বিতীয় মৃণময়ী ধৰ। অনুৰ্ধ্ব ১৩ বছৰ শাখাত ল'ৰাৰ প্ৰথম শিৰিষ ভৰদ্বাজ, দ্বিতীয় ক্ৰিশিৱ বৰুৱা, তৃতীয় বেদ আগৰৱালা। ছোৱালীৰ প্ৰথম ফাউজীয়া ফাহিমা ৰহমান, দ্বিতীয় আয়ানা কলিতা, তৃতীয় দীক্ষিতা খনিকৰ।
অনুৰ্ধ্বৰ ১১ বছৰৰ ল'ৰাৰ প্ৰথম ডিম্পল প্ৰতীম গগৈ, দ্বিতীয় আহবাছ ৰাজপুত, তৃতীয় সত্যব্ৰত এছ. ৰাজপুত। ছোৱালীৰ প্ৰথম দ্বিব্যাংগনা বৰা, দ্বিতীয় দেলিছা আহমেদ জিলানী, তৃতীয় প্ৰাচী কোঁৱৰ। অনুৰ্ধ্বৰ ৯বছৰ শাখাৰ ছোৱালীৰ প্ৰথম আদভিকা গিৰি, দ্বিতীয় আফৰিন আজিজ, তৃতীয় চানভি কাশ্যপ। ল'ৰাৰ প্ৰথম অহৰ্নিশ নন্দ, দ্বিতীয় চৈয়দ মেধি, তৃতীয় ধ্যানম গগৈ।
অনুৰ্ধ্বৰ ৭ বছৰৰ শাখাত ল'ৰাৰ প্ৰথম কেনৰিক বৰা, দ্বিতীয় গৌৰৱ শৰ্মা আৰু তৃতীয় ম: তাহিৰ হুছেইন। ছোৱালীৰ প্ৰথম ময়ুষী বৰা আৰু দ্বিতীয় আৰাধ্যা দেৱনা। ৱেৱেষ্ট আনৰেটেড ছোৱালী আৰহানা বৰঠাকুৰ, ৱেষ্ট ভেটাৰ্ণ নৃপেন্দ্ৰ কুমাৰ শৰ্মা, ৱেষ্ট অমেন জ্যোতিৰেখা শইকীয়া।
/asomiyapratidin/media/media_files/2025/04/11/jYT5M0q6rjYm5bzVUzzC.jpeg)
বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য দাঙি ধৰাৰ লগতে বিজয়ী প্ৰতিযোগীক বঁটা প্ৰদান কৰাত সহযোগ কৰে লোক নিৰ্মাণ বিভাগৰ অৱসৰ প্ৰাপ্ত অভিযন্তা ৰাজেন বৰা, সদৌ অসম দবা সন্থাৰ প্ৰাক্তন বিষয়ববীয়া তথা দবাখেলৰ সংগঠক ডিব্ৰুগড়ৰ ইফটিকাবুৰ ৰহমানে।বিশিষ্ট সাংবাদিক মনোজ বৰঠাকুৰ, শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতি ভাৰত শৰ্মা, উদযাপন সমিতিৰ সভাপতি ডা০ প্ৰশান্ত প্ৰতীম শৰ্মা, চীফ আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ আৰু মাৰোৱাৰী পঞ্চায়ত চেৰিট্ৰেবল চছাইটিৰ উপ সভাপতি বিজয় কেছেৰা।
সভাত ভাৰত শৰ্মাৰ কবিতা পুথি 'ক্ষোভ নিগৰে মোৰ কলমৰ ধাৰেৰে' আৰু হাস্যব্যংগ উপন্যাসিকা ছোৱালী আনিবা বিয়নী ধুনীয়া চাই' উন্মোচন কৰে ক্ৰমে সৌৰভ নেওগ আৰু অশ্ৰুমণি দত্ত ঘোষে। সভাৰ আঁতধৰে অশ্ৰুমণি দত্ত ঘোষে। বঁটা বিতৰণী প্ৰক্ৰিয়াৰ আঁধৰে আয়োজক সমিতিৰ সম্পাদক হেমন্ত কুমাৰ গগৈয়ে।
আয়োজক সমিতিৰ সৈতে জড়িত ড০ বসন্ত সন্দিকৈ, মণ্টু বৰুৱা, জাকিৰ আলি, ৰাণা সিং, ৱাৰিশ আলি, মৃণাল বৰবৰা, অশ্ৰুমণি দত্ত ঘোষ, মালৱিকা গগৈ, ৱাচমি কবৰা ৰাথী, মনোজ ৰাজকোঁৱৰ, নৃপেন্দ্ৰ কুমাৰ শৰ্মা, সুমঞ্জুৰী গগৈ, ৰিজুমণি দত্ত, নিভামণি গগৈ, গুণমণি বৰকাকতী, মণিষা আগৰৱালা, যাদব গগৈ, সৌৰভ নেওগ, ডা০ বন্দনা গুপ্তা, কল্যাণী দাস, হেমন্ত কুমাৰ গগৈ, প্ৰসেনজিৎ বৰঠাকুৰ, যুগল শৰ্মা আদি উদযাপন সমিতিৰ বিষয়ববীয়াসকলে ১৪১ জন বিজয়ীৰ মাজত নগদ ধন আৰু বয়স ভিত্তিক শাখাৰ বিজয়ীসকলক বঁটাসমূহ বিতৰণ কৰে।
সকলোৰে বাবে আয়োজক সমিতিয়ে পুৱাৰ চাহৰ পৰা আৰম্ভ কৰি দুপৰীয়া ভাতলৈকে বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে সমজুৱাৰ দুআষাৰত বিভিন্ন প্ৰান্তৰ পৰা অহা অভিভাৱক-অভিভাৱিকাই আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us