শিৱসাগৰ উকীল সন্থাৰ নিৰ্বাচন সম্পন্নঃ পুনৰ সাধাৰণ সম্পাদক পদত বিদ্যুত গগৈ নিৰ্বাচিত

সভাপতি হিচাপে লুইত প্ৰকাশ দত্ত, উপ সভাপতি হিচাপে গিৰিশ নেওগ আৰু বিকাশ দেক মনোনীত

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ উকীল সন্থাৰ নিৰ্বাচন সম্পন্নঃ পুনৰ সাধাৰণ সম্পাদক পদত বিদ্যুত গগৈ নিৰ্বাচিত

শিৱসাগৰ উকীল সন্থা

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ উকীল সন্থাৰ সাধাৰণ নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন হৈ যায়। ড° ময়িদুল ইছলাম বড়া পথৰ কাষত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক ভৱনত প্ৰথম বাৰৰ বাৱে অনুষ্ঠিত হোৱা  নিৰ্বাচনত উকীল সন্থাৰ বিভিন্ন পদবীত ৩৭ জনকৈ অধিবক্তাই প্ৰতিদ্বন্দিতা আগবঢ়াই।

Advertisment

উকীল সন্থাৰ সংবিধান অনুসৰি সভাপতি হিচাপে লুইত প্ৰকাশ দত্ত, উপ সভাপতি হিচাপে গিৰিশ নেওগ আৰু বিকাশ দেক মনোনীত কৰা হয়। সাধাৰণ সম্পাদকৰ পদৰ বাবে তিনিগৰাকী অধিবক্তাই প্ৰতিদ্বন্দিতা আগবঢ়াই যদিও  বিপুল সংখ্যক ভোট লাভ কৰি বিদ্যুৎ গগৈ পুনৰ বাৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয়।

যুটীয়া সম্পাদক পদত বিষ্ণু শৰ্মা আৰু অঞ্জল ভৰালী নিৰ্বাচিত হয়। তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত সহকাৰী সম্পাদক পদত ৰঞ্জিত শইকীয়া জয়ী হয়। কাৰ্যকৰী সদস্য হিচাপে বিজু শৰ্মা, শ্ৰীমন্ত গগৈ, উজ্জ্বল শৰ্মা, আজিম আহমেদ, ধ্ৰুৱজ্যোতি বৰগোহাঁই, ধীৰাজ দত্ত, কৰবী কলিতা, দীপাঞ্জল দুৱৰী, চন্দন ফুকন, প্ৰকাশ জ্যোতি শইকীয়া, ৰঞ্জিত দত্ত, শিখা দত্ত, আশিষ কোঁৱৰ, গায়ত্ৰী বৰবৰুৱা আৰু ভাস্কৰ জ্যোতি নেওগ নিৰ্বাচিত হয়। এতিয়াৰে পৰা এই নতুন সমিতিখনে শিৱসাগৰ উকীল সন্থাক নেতৃত্ব প্ৰদান কৰিব ৷

Also Read: নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৬ খন বিশেষ ৰে'ল...

নিৰ্বাচন শিৱসাগৰ উকীল সন্থা