/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/b45ca07d-23f1-4982-9fe1-efb0057ebbe9/arohan 5.jpg)
দশম সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছত শিৱসাগৰৰ আৰোহণ চেম্পিয়ন
ডিজিটেল সংবাদ শিৱসাগৰঃ দুলীয়াজানত অনুষ্ঠিত দশম সদৌ অসম ৰেংকিং আৰু প্ৰাইজমণি টেবুল টেনিছ চেম্পিয়নশ্বিপত অনুৰ্ধ্ব ১৩ বছৰ শাখাত শিৱসাগৰৰ আৰোহণ দাসে শিলচৰৰ বিপ্রজিত পালক ৩-০ ছেটত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অর্জন কৰে। ইফালে আৰোহণ দাসে অনুৰ্ধ্ব ১৫ বছৰ শাখাতো কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে যদিও দিব্যাংশ কাশ্যপৰ হাতত পৰাস্ত হয়।
আনহাতে শিৱসাগৰৰ জিহান আহমেদে অনুৰ্ধ্বৰ ১১ বছৰ শাখাত ছেমিফাইনেলত প্ৰৱেশ কৰি তৃতীয় স্থান লাভ কৰে। অনুৰ্ধ্বৰ ১১ বছৰ শাখাত ছোৱালীৰ আনাক্যা তছলিমে প্রি-কোৱাটাৰ ফাইনেল আৰু ল'ৰাৰ একে শাখাত নীৰ নিহানে প্রি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰি অসম টেবুল টেনিছত তেওঁলোকৰ উপস্থিতিৰ উমান দিয়ে।
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে তেজপুৰত অনুষ্ঠিত সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ প্রতিযোগিতাত আৰোহণ দাস চেম্পিয়ন হোৱাৰ লগতে অনুর্ধ ১৫ বছৰ শাখাত ৰানাৰ্ছ আপ হৈছিল। ইয়াৰোপৰি সদ্যসমাপ্ত কেন্দ্রীয় বিদ্যালয়ৰ আঞ্চলিক টুর্ণামেণ্টটো আৰোহণ দাসে চেম্পিয়নৰ খিতাপ দখল কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে।
শিৱসাগৰ স্পীনাৰ্ছ টেবুল টেনিছ ক্লাবৰ প্ৰশিক্ষক চিৰঞ্জীত হাজৰিকা আৰু মৃণাল চাংমাইৰ তত্বাৱধানত প্রশিক্ষণ গ্রহণ কৰা আটাই কেইগৰাকী খেলুৱৈ স্পীনাৰ্ছৰ নিয়মীয়া খেলুৱৈ। খেলুৱৈসকলৰ এনে সাফল্যত ক্লাবৰ সভাপতি ড° সব্যসাচী মহন্তই অভিনন্দন জ্ঞাপন কৰিছে।
Also Read: কলিয়াবৰৰ তেল চুৰি ঘটনাৰ নতুন মোৰঃ বিধায়ক পুত্ৰৰ পিছত এইবাৰ গাঁও প্ৰধানকো গ্ৰেপ্তাৰ...