/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/fafa3f71-c80a-4753-8358-00f158b1ab5b/Sivsagar_Bihu.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ : ৰঙালী বিহুৰ প্ৰাকক্ষণত শিৱসাগৰৰ এখন বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ ধনেৰে বিদ্যালয়ত নাম ভৰ্ত্তি কৰা ছাত্ৰ ছাত্ৰীক চাইকেল ক্ৰয় কৰি বিনামূলীয়াকৈ প্ৰদান কৰি সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে নৱম শ্ৰেণীৰ ছাত্ৰীসকলক চাইকেল প্ৰদানৰ ব্যৱস্থা কৰিছিল যদিও ৰাজনৈতিক মেৰপাকৰ বাবে উক্ত আঁচনি বন্ধ হৈ পৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e8090e88-afeb-45e9-95e1-08ba3030387f/WhatsApp_Image_2023_04_13_at_1_34_02_PM.jpeg)
কিন্তু শিৱসাগৰ জিলাৰ এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে চৰকাৰ বা আন প্ৰতিষ্ঠানৰ কোনোধৰণৰ অনুদান নোলোৱাকৈ নিজৰ দৰমহাৰ ধনেৰে চাইকেল ক্ৰয় কৰি ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ যোগান ধৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীক চাইকেল সহিতে আন আন সামগ্ৰী প্ৰদানৰ নামত প্ৰতিবছৰে দুই লাখৰো অধিক টকা ব্যয় কৰি আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7454527e-9107-4e58-ad3b-d7799b63ac17/WhatsApp_Image_2023_04_13_at_1_34_04_PM__1_.jpeg)
এই শিক্ষানুষ্ঠানখন হৈছে শিৱসাগৰ জিলাৰ বাঁহগড় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় ৷ বাঁহগড় আদৰ্শ উচ্চ মাধ্যমিক বিদালয়ৰ প্ৰধান শিক্ষক আহম্মদ ৱালি আলমৰ নেতৃত্বত সহ শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে জয়ন্ত মাউৎ, লক্ষী বৰপাত্ৰগোঁহাই, দিলিপ গগৈ, নিতুল চাংমাই, আবচাৰতদ্দিন আহমেদ, জিতা কোঁৱৰ, উষা কলিতা, ৰেখা চুলাধৰা, চুৰামফা চেতিয়া, মফিদা আৰা আহম্মদ, বিতুমণি চাংমাই, কেশব চাংমাই, ৰুবী গগৈ, ৰাজু গগৈ, অঞ্জন চাংমাই, পৱন দুৱৰা, গোপাল দিহিঙীয়াৰ লগতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী কেইগৰাকীয়েও এই কাৰ্যত সহযোগিতা আগবঢ়াই আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b9640044-79d3-4a8b-abb9-65a735eda602/WhatsApp_Image_2023_04_13_at_1_34_03_PM.jpeg)
সুদীৰ্ঘ আঠটা বছৰ ধৰি প্ৰতিবছৰেই বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী সকলে এই সেৱা অব্যাহত ৰাখিছে ৷ বিগত বছৰকেইটাৰ দৰে এইবছৰো বিদ্যালয়ৰখনলৈ নতুনকৈ অহা ২৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰতিগৰাকীকে একোখনকৈ চাইকেল বিনামূলীয়াকৈ প্ৰদান কৰা হয় ৷ ৰঙালী বিহুৰ প্ৰাক ক্ষণত ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়া চাইকেল লাভ কৰি উৎফুল্লিত হৈ পৰে ৷ চাইকেলৰ উপৰিও প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক এটাকৈ স্কুল বেগ, বৰষুণৰ পৰা ৰক্ষা পাব পৰাকৈ এটা ৰেইনকোটৰ উপৰিও প্ৰত্যেককে এযোৰকৈ পোচাক শিক্ষক, শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলে নিজা পুুঁজিৰে ক্ৰয় কৰি আজি আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3134fc78-c93a-408f-bbe7-b40c25670aa4/WhatsApp_Image_2023_04_13_at_1_34_03_PM__1_.jpeg)
বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মানস বৰপাত্ৰগোঁহাই, প্ৰাক্তন প্ৰধান শিক্ষক অৰুণ কোঁৱৰ আৰু বাণী কোঁৱৰ এই অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলক ভূয়সী প্ৰশংসা কৰে ৷ শিক্ষা কৰ্মচাৰীসকলৰ এনে প্ৰচেষ্টাই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে আৰ্থিক ভাবে দুৰ্বল পৰিয়াল সমূহক সকাহ দিব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে বিদ্যালয়খনত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবছৰে চাইকেল সহিতে বাকী সামগ্ৰীসমূহ ক্ৰয় কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/9e77aea7-1c6f-4192-85c7-0ab64d989648/WhatsApp_Image_2023_04_13_at_1_34_02_PM__1_.jpeg)
চৰকাৰে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে দুযোৰ কৈ ইউনিফৰ্ম যোগান ধৰে ৷ চৰকাৰী ইউনিফৰ্মৰ উপৰিও শিক্ষক কৰ্মচাৰীসকলে নিজাববীয়াকৈ এযোৰকৈ ইউনিফৰ্মৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ প্ৰতিবছৰেই যোগান ধৰে ৷ উল্লেখ্য যে গ্ৰাম্যাঞ্চলত অৱস্থিত এই বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰাৰ বিশেষ বাহনৰ ব্যৱস্থা নাই ৷ যাৰ বাবে বৰষুণৰ বতৰত ছাত্ৰ ছাত্ৰীসকল স্কুললৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হয় ৷ এনেবোৰ দিশৰ প্ৰতিলক্ষ্য ৰাখি শিক্ষক কৰ্মচাৰীসকলে যোগান ধৰা চাইকেল, বেগ আৰু ৰেইনকোট লৈ ছাত্ৰ ছাত্ৰীসকলে হেলাৰঙে বিদ্যালয়লৈ অহাযোৱা কৰিব পাৰে ৷ গ্ৰাম্যাঞ্চলত মানৱ সম্পদ বিকাশৰ বাবে বাঁহগড় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে চলোৱা প্ৰচেষ্টা আন আন বিদ্যালয়ৰ বাবে আদৰ্শ হোৱা উচিত বুলি জনসাধাৰণে মন্তব্য কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/263e54b3-3315-4dc2-b097-9a2b580d68e7/WhatsApp_Image_2023_04_13_at_1_34_04_PM__2_.jpeg)
শিক্ষাৰ সমান্তৰালকৈ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আন আন দিশটো আগবাঢ়ি গৈছে৷ ২০১৮ চনৰ নাজিৰাত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ দ্বাৰা আয়োজিত ক্ৰিয়া প্ৰতিযোগিতাত এই বিদ্যালয়ে শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মানত আৰু ২০২২ বৰ্ষত শিৱসাগৰ চহৰত খোজৰ দ্বাৰা আযোজিত গ্ৰণ্ঠমেলাত প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত প্ৰতিযোগিতাত ২য় স্থান লাভ কৰিছিল ৷ প্ৰতিবছৰে ক্ৰিড়া শিবিৰ, ফুটবল, এথলেটিক প্ৰশিক্ষণৰ ল’ৰা আৰু ছোৱালীৰ দুটাকৈ দল গঠন কৰা হয় ৷ প্ৰতিবছৰে বিহু কৰ্মশালা পাতি হুঁচৰি আৰু জেংবিহু দল গঠন কৰি ছাত্ৰছাত্ৰী সকলক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰাে এই বিদ্যালয়ে৷
Also Read: ডিমাপুৰত ৰে'ল বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us