সপ্তাহজুৰি বিকল নামৰূপ এছ বি আইৰ এ টি এম সেৱা

দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নামৰূপ শাখাৰ ভিতৰত থকা এ টি এম টো সপ্তাহ জুৰি বিকল হৈ থকাত ৰাইজৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
সপ্তাহজুৰি বিকল নামৰূপ এছ বি আইৰ এ টি এম সেৱা

ডিজিটেল সংবাদ, নামৰূপঃ দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নামৰূপ শাখাৰ ভিতৰত থকা এ টি এম টো সপ্তাহ জুৰি বিকল হৈ থকাত ৰাইজৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে।

Advertisment

উল্লেখ যোগ্য যে বেংকসমূহ ডিজিটেলাইজেচন হোৱাৰ পিছৰে পৰা বেংক সমূহৰ ভিতৰত গ্ৰাহকসকলৰ ভিৰ হ্ৰাস কৰিবলৈ টকা জমা, উলিওৱা, পাচবুক এণ্ট্ৰি, আপডেট , টকা ট্ৰানচস্ফাৰ আদি সকলো কাম এ টি এম দ্বাৰা কৰাৰ সুবিধা উপলব্ধ হৈছে। বেংক কতৃপক্ষইও গ্ৰাহকক এনে কাম সমূহ এ টি এমতে কৰি ল'বলৈ নিৰ্দেশনা দিয়ে।

কিন্তু নামৰূপত থকা এছ বি আই মূল শাখা প্ৰাংগনত থকা এ টি এমটো প্ৰায় এসপ্তাহ ধৰি বিকল হৈ থকাৰ পিছতো সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। ইফালে বিগত কিছুদিনৰ পৰা নামৰূপত বি এছ এন এল, জীঅ, এয়াৰটেল আদি নেটৱৰ্ক সমূহো অতি সঘনাই ব্যাঘাত হোৱাত গ্ৰাহকৰ মোবাইল যোগে ধন লেন-দেন কৰাটো অসুবিধা হৈ পৰিছে। তেনেস্থলত বেংকৰ এ টি এম টোও বিকল হৈ থকাত অসহায় হৈ পৰিছে ৰাইজ। এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে ভূক্তভোগী গ্ৰাহকসকলে।

Also Read: নকল সোণৰ অভিযানত গহপুৰ আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুই ব্যক্তি

atm sbi service namrup sivasagar