/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/lyaddxqz/SIVSAGAR-26.jpg)
শিৱসাগৰত ১১ গৰাকী মহিলাক "সতী ৰাধিকা বঁটা" প্ৰদান...
ডিজিটেল সংবাদ, শিৱসাগৰ: সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্র সন্থাৰ উদ্যোগত আজি শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত লেখিকা, বিশিষ্ট সমাজ সেৱিকা পদুমী দাসক “সতী ৰাধিকা বঁটা" আৰু সাংবাদিক ববীতা ভৰালী সহিতে ১০ গৰাকী মহিলাক "আই সতী ৰাধিকা আদৰ্শ বঁটা" প্ৰদান কৰে। বঁটা লাভ কৰা বাকী মহিলাসকল ক্ৰমে - আমগুৰিৰ ৰুণু দাস,নাজিৰাৰ শুৱলা দাস, উদয়পুৰৰ সূৱৰ্ণ হাজৰিকা, চৰগুৱাৰ মালতী দাস, দিচাংমুখৰ ইনাে হাজৰিকা, থানামুখৰ বন্তি হাজৰিকা, দৈকলঙ্গীয়া গাঁৱৰ বিনিতা দাস, শিৱসাগৰ চহৰৰ ৪ নং ৱাৰ্ডৰ সুৰভী শইকীয়া, বলিয়াঘাটৰ পূৰৱী দাস আৰু ৰজাবাৰীৰ মিনু দাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/rhisjumj/65500fff-4f32-4b34-a030-6ba310a80562.jpg)
সভাৰ আৰম্ভণিতে মহাসতী ৰাধিকা প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে দৈকলঙ্গীয়া বৰ নামঘৰৰ নামঘৰীয়া নগেন দাসে। মাল্যাৰ্পণ কৰে সমাজকৰ্মী হেমেন দাসে। ইয়াৰ পাছত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্র সন্থাৰ সভাপতি বিদ্যুৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-26/k2o6uaam/c1024fd3-84bc-40bd-9607-47bfe67dab27.jpg)
সাধাৰণ সম্পাদক মৃদুল দাসে আঁত ধৰা সভাত অৱসৰী বৈজ্ঞানিক ড০ খৰ্গেশ্বৰ দাস, শিৱসাগৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনােজ কুমাৰ গগৈ, বিহু কৃষ্টি পৰিষদৰ সম্পাদক যােগেন গগৈ, ড০ বি আৰ আম্বেদকাৰ ফাউণ্ডেচনৰ সম্পাদক প্ৰাঞ্জল দাস, গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক অৱেন চন্দ্ৰ দাস, শিৱসাগৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হিমাংশু নেওগ আদি কেইবাজনো বিশিষ্ট ব্যক্তিক উষ্ম আদৰণি জনায়। সভাত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে।
Also Read: আৰম্ভ তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱঃ উখল মাখল ধেমাজিৰ কাছাৰী ময়দান...