শিৱসাগৰৰ বিশিষ্টা ধৰ্মপ্ৰাণ মহিলা চাৰু মহন্তৰ পৰলোক...

শিৱসাগৰৰ বিশিষ্টা ধৰ্মপ্ৰাণ মহিলা চাৰু মহন্তৰ পৰলোক...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ বিশিষ্টা ধৰ্মপ্ৰাণ মহিলা চাৰু মহন্তৰ পৰলোক...

শিৱসাগৰৰ বিশিষ্টা ধৰ্মপ্ৰাণ মহিলা চাৰু মহন্তৰ পৰলোক...

ডিজিটেল ডেস্কঃ টীয়কৰ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ তথা শিৱসাগৰ ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ স্বত্বাধিকাৰ, আধ্যাত্মিক পণ্ডিত লক্ষীকান্ত মহন্তৰ প্ৰেৰণাৰ উৎস স্বৰূপ পত্নী চাৰু মহন্তৰ আজি নিশা প্ৰায় ১০ বজাত আকস্মিকভাৱে মৃত্যু হয়। সন্ধিয়া অসুস্থ হৈ পৰা সৰবৰহী মহিলা তথা শংকৰী কৃষ্টিৰ সাধক মহিলাগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা প্ৰায় ১০ বজাত তেওঁৰ মৃত্যু ঘটে।

৮৬ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা চাৰু মহন্তই মৃত্যুৰ সময়ত নব্বৈৰ উৰ্ধৰ স্বামীসহ ৫ জনকৈ সন্তান, বোৱাৰী তথা নাতিৰ লগতে অসংখ্য আত্মীয় আৰু গুণমুগ্ধক তেওঁ এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত শিৱসাগৰ নগৰৰ লগতে টীয়কত শোকৰ ছাঁ পৰিছে।

শিৱসাগৰ চহৰৰে সেউজপুৰ নামঘৰ পথত বাসভৱনলৈ তেওঁৰ নশ্বৰ দেহ আহি পোৱা নাই যদিও অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহৰ সন্মুখত সমবেত হৈছে। অতি সহজ, সৰল, নিৰ্জু, বিনয়ী চাৰু মহন্তক কিছুদিনৰ পূৰ্বে ৰাজহুৱা ভাৱে সম্বৰ্ধনাও জনোৱা হৈছিল ৷ বৃহস্পতিবাৰে পুৱা তেওঁৰ নশ্বৰ দেহত ৰাজহুৱা ভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ।

Also Read: বৰষুণৰ মাজতেই দিল্লীত খহি পৰিল অট্টালিকা...

চাৰু মহন্ত