/asomiyapratidin/media/media_files/2025/05/19/dhOfTKd65MiNvlDSZbGR.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ১৯ মে’, সোমবাৰে সন্ধিয়া শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বহিৰাগতক সুৰক্ষা দিবলৈ গৈ খিলঞ্জীয়া যুৱকক গ্ৰেপ্তাৰ কৰা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সদস্যসকলে।
প্ৰতিবাদৰ সময়ছোৱাত ছাত্ৰ মুক্তিৰ কৰ্মীসকলে চহৰৰ দ’লমুখ চাৰিআলিত জুমুঠি জ্বলাই শংকৰ জ্যোতি বৰুৱাক মুক্তি দিয়ক, বহিৰাগতৰ দপ দপনি নচলিব, দুলীয়াজান আৰক্ষী হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰে। তাৰোপৰি অচিৰেই প্ৰাক্তন ছাত্ৰ নেতাজনক মুক্তি নিদিলে ৰাজ্যজুৰি প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলিও হুংকাৰ দিয়ে।