/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/i1oewijx/sankar-sangha-7.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰম্ভ...
ডিজিটেল সংবাদ নাজিৰাঃ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্য, সাংস্কৃতিক, আধ্যাত্মিক আৰু বৈষ্ণৱ ধৰ্ম দৰ্শনৰ ভেঁটিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা শিৱসাগৰৰ ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/i2033rdx/45720b38-5b82-4a6e-95cc-117bc25878d8.jpg)
সংঘৰ নাজিৰা জিলা শাখাৰ আতিথ্যত উদযাপিত হোৱা এই প্ৰতিষ্ঠা দিৱসৰ আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা পৰিৱেশ নিকাকৰণৰ পিছতে নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰে সংঘৰ শৰণ সদস্য প্ৰমোদ তামুলীয়ে। গুৰুগৃহত আদৰণি সমিতিৰ দ্বাৰা নাম প্ৰসংগৰ সমান্তৰাল ভাৱে জীৱৰ প্ৰাণৰ কৱচ বৃক্ষ ৰোপণ কৰে।
মূল প্ৰৱেশ পথৰ তোৰণ উন্মোচন,আদৰণি সমিতিৰ কাৰ্যালয়, ভোজনালয়ৰ দ্বাৰ , সেৱকৰ শিবিৰ, নামঘৰ,সেৱা বাহিনীৰ কাৰ্যালয়, নামঘৰৰ তোৰণ, চিকিৎসা শিবিৰ দ্বাৰ উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/srborw4n/3d330ce9-5728-4b65-842b-f24ee81f65af.jpg)
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় নিৰ্বাচিত গ্ৰন্থৰ পৰ্যালোচনা অনুষ্ঠান "পঠন আৰু মন্থন" শীৰ্ষক আলোচনাচক্ৰত সঞ্চালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। অনুষ্ঠানৰ শুভ উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ড॰ জগত চন্দ্ৰ কলিতাই ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি আৰু দৰ্শনৰ ভিত্তিতেই গৱেষণাৰ মূল বিষয় বস্তুৰ বিপৰীতে তেৰাৰা জীৱন দৰ্শনো মানৱ সমাজ জীৱনৰ বাবে অপৰিহাৰ্য আৰু গুৰুজনাৰ জীৱন দৰ্শন ভগৱন্তৰ অংগস্বৰূপ বুলি মত পোষণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-07/ntvvgkdt/4b12de35-65c7-412d-8291-d0c5690dae5a.jpg)
মংগলবাৰে সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ এই ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ।
Also Read: সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনলৈ জোনাকী সমাজৰ "প্ৰজ্ঞাৰ সাধক-২০২৪ সন্মান"