/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/cktxyc08/bfnfn.png)
শিৱসাগৰ জিলা বাছনি দবা প্ৰতিযোগিতাত সমুজ্জ্বল বৰুৱা, ফৌজীয়া ফাহিমা চেম্পিয়ন
ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰ জিলা দবা সন্থাৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুৰ্ধ্বৰ ৯ আৰু ১৩ বছৰৰ ল'ৰা-ছোৱালী উভয় শাখাৰ বাছনি দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। দুয়োটা শাখাত জিলাখনৰ ৮৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
পুৱা ১০ বজাত শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতি ভাৰত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায় উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে। আগন্তুক খেল মহাৰণত সকলোকে অংশগ্ৰহণ কৰিবলৈ তেওঁ অনুৰোধ জনায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাজু গগৈয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/ck81ytcv/aafac559-43fc-40fa-a5a4-dcb5e952d29e.jpg)
অনুৰ্ধ্বৰ ১৩ বছৰৰ ল'ৰাৰ শাখাত ষষ্ঠ ৰাউণ্ডৰ শেষত সমুজ্জ্বল বৰুৱাই ৬ পইণ্ট লাভ কৰি প্ৰথম স্থান লাভ কৰে। দ্বিতীয় অভিজ্ঞান তাই বৰা, তৃতীয় আদিত্য কিৰণ বৰগোহাঁই আৰু চতুৰ্থ স্থান লাভ কৰে গৌৰৱ মহন চেতিয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/lzlok9h5/732e39c0-04c7-4479-ab91-e5f1c016cae6.jpg)
অনুৰ্ধ্বৰ ১৩ বছৰৰ ছোৱালী শাখাত প্ৰথম স্থান লাভ কৰে ফৌজীয়া ফাহিমা ৰহমান, দ্বিতীয় আৰহনা বৰঠাকুৰ, তৃতীয় দিব্যাংগনা বৰা আৰু চতুৰ্থ স্থান লাভ কৰে ঋতুস্মৃতা বিশ্বাস। অনুৰ্ধ্বৰ ৯ বছৰৰ ল'ৰাৰ শাখাত প্ৰথম স্থান লাভ কৰে হৰ্ষিত ৰঞ্জন চুতীয়া, দ্বিতীয় দৰ্ষিত শৰ্মা, তৃতীয় চিয়নি চিমন বৰা ঠেঙাল আৰু চতুৰ্থ স্থান লাভ কৰে মাহিৰ কুমাৰ ম'ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/vjsfg12u/2aab6af7-deb6-49a1-9a16-1ee471384d85.jpg)
ছোৱালী শাখাত প্ৰথম নিধি প্ৰজ্ঞা ফুকন, দ্বিতীয় বনিছা চ'নি, তৃতীয় আয়ুসী গগৈ আৰু চতুৰ্থ ঈশানী বৰা। এইসকল খেলুৱৈক গুৱাহাটীত অহা ৩০ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব ল'গা সদৌ অসম দবা প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হৈছে।
বিয়লি চাৰি বজাত বঁটা বিতৰণী সভাত অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ বাৰ এছচিয়েশ্যনৰ সম্পাদক বিদ্যুৎ গগৈ। প্ৰতিযোগিতাৰ আৰ্বিটাৰ হিচাপে দায়িত্ব পালন কৰে স্বৰাজ বুঢ়াগোহাঁইয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/i9d2zjzi/6d8fc3f1-bfd1-4606-bbb1-796fc15dcfeb.jpg)
মৃণাল বৰঠাকুৰ, ড০ বসন্ত সন্দিকৈ, প্ৰিয়াংশু শইকীয়া, জ্যোতিৰেখা শইকীয়া, প্ৰসেনজিৎ বৰঠাকুৰ আদি বিষয়ববীয়াসকলে বঁটা বিতৰণী সভাত উপস্থিত থাকি খেলুৱৈসকলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰি উৎসাহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-22/dj2nqnej/226a3050-146e-4b17-a834-7705302cfee9.jpg)
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বি-দিৱসীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰম্ভ...