/asomiyapratidin/media/media_files/2024/11/22/bTdG6GyaHsSg3QfJAz9G.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰৰ সমীপৰ কাথপাৰ গাঁৱৰ নিৱাসী তথা বিশিষ্ট অভিনেতা অশ্বিনী দত্ত (৫৮)ই আজি নিজা গৃহত শেষ নিশ্বাস ত্যাগ কৰে। অশ্বিনী দত্ত যোৱাটো শতিকাৰ আশী-নব্বৈ দশকৰ এজন বলিষ্ঠ অভিনেতা আছিল ৷
অসমৰ বিভিন্ন মঞ্চত সাৱলীল অভিনয়ৰে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়ত 'জালকে বুলিলে জকাই' নামৰ নাটকত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। তাৰ পাছত শিৱসাগৰ নাট্য মন্দিৰ, কাথপাৰ ক্লাবঘৰ , ৭৯০ নং পূৱ কাথপাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত বহু নাটকত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছিল।
সেউজ কোঁৱৰ পৰাগ চলিহাৰ সৃষ্টি 'চাৰি হাজাৰ বছৰ অসম' ত অভিনয় কৰি তেওঁ ৰাষ্ট্ৰপতিৰ পৰাও সন্মানিত হৈছিল। দীপক বৰাই পৰিচালনা কৰা বহু নাটকৰ লগতে হিন্দী বোলছবি জগতৰ অভিনেতা পূণ্য দাসৰ লগতো তেওঁ অভিনয় কৰিছিল।
মিলনজ্যোতি,পূৰ্বধ্বনি, সুৰুজ জ্যোতিৰূপা,প্ৰতিধ্বনি, নিউ ষ্টাৰ,উদ্দীপনা আদি কেইবাখনো থিয়েটাৰৰ মঞ্চত অশ্বিনী দত্তই অভিনয় কৰিছিল। তেওঁ মৃত্যুৰ সময়ত মাতৃ, এজন জ্যেষ্ঠ আৰু এজন কণিষ্ঠ ভাতৃ, পত্নীসহ এজন পুত্ৰক ইহসংসাৰত এৰি থৈ যায়।
অশ্বিনী দত্তৰ মৃত্যুত পূবেৰুণ কাথপাৰ শিশু সমাজ, শ্ৰী শ্ৰী নিত্যানন্দ দেৱৰ থান পৰিচালনা সমিতি, নৱজ্যোতি পুথিভৰাঁল,কাথপাৰ বৰ নামঘৰৰ পৰিচালনা সমিতি, স্থানীয় শিল্পী সমাজৰ প্ৰতিনিধি আদি অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তি আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অশ্বিনী দত্তৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।