শিৱসাগৰত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ খণ্ডযুদ্ধ: মহিলা প্ৰতিবাদকাৰীৰ কাপোৰ ফলাৰ অভিযোগ...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱ বাতিলৰ দাবী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি। সমগ্ৰ অসমত আন্দোলন আগবঢ়াই নিয়াৰ ভাবুকি...
শিৱসাগৰত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ খণ্ডযুদ্ধ: মহিলা প্ৰতিবাদকাৰীৰ কাপোৰ ফলাৰ অভিযোগ...
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰ : ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰাক লৈ প্ৰতিবাদ অব্যাহত আছে শিৱসাগৰত। এই খচৰা নিৰ্বাচন আয়োগৰ পৰিৱৰ্তে বিজেপিৰ নেতা তথা মন্ত্ৰী বিধায়কে কৰাৰ অভিযোগেৰে ৰাইজে প্ৰতিবাদেৰে ৰাজপথ কঁপাইছে ৷ দেওবাৰে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ চহৰৰ দ'লমুখ চাৰিআলিত সম্পন্ন হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ভিন ভিন ৰাজনৈতিক দলৰ লগতে বহুতো দল-সংগঠনৰ নেতাই অংশ লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত শিৱসাগৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত বল প্ৰয়োগ কৰাৰ লগতে পুৰুষ আৰক্ষীয়ে মহিলাৰ কাপোৰ ফলা পৰ্যন্ত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ”উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উদ্যোগত দিনত প্ৰস্তাৱিত খচৰা দাহৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ খবৰ পাই শিৱসাগৰ আৰক্ষীয়ে দ'লমুখ চাৰিআলিত ব্যাপক সুৰক্ষা বেষ্টনি গঢ়ি তুলি মোতায়ন কৰিছিল শতাধিক আৰক্ষী। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীয়ে শান্তিপূৰ্ণ ভাবে শ্লগান দি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। ইয়াৰ পাছতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা দাহ কৰিব লওঁতে জংগী হৈ পৰে মোতায়ন হৈ থকা আৰক্ষী।

খচৰাৰ প্ৰতিলিপি দাহ কৰিবলৈ নিদি কাঢ়ি নিয়াৰ ফলত আৰম্ভ হয় আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক খণ্ডযুদ্ধ। প্ৰতিবাদকাৰীৰ পৰা খচৰাৰ প্ৰতিলিপি কাঢ়ি নিয়াৰ ফলত আৰক্ষী আৰু প্ৰতিবাদীৰ মাজত টনা-আজুৰা আৰম্ভ হয়। ইয়াৰ মাজতে প্ৰতিবাদত অংশ লোৱা মহিলাৰ চাদৰ টানি পুৰুষ আৰক্ষীয়ে ফালি দিয়াৰ ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হয়। উল্লেখযোগ্য যে, প্ৰতিবাদত প্ৰথম বাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব গ' বেক আদি শ্লগান শুনিব পোৱা যায়।

প্ৰতিবাদত অংশগ্ৰহণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি তথা উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ নেতা বসন্ত গগৈয়ে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে- খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দোহাই দি বিজেপি চৰকাৰে উজনি অসমত খিলঞ্জীয়াৰ প্ৰতিনিধিত্ব লোপ কৰাৰ লগতে উজনি অসমৰ জনগোষ্ঠীৰ ৰাজনৈতিক শক্তি নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে।

আনহাতে পূৰ্ব বংগীয় মুছলমানসকলৰ নাম লৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত বিজেপি চৰকাৰে উজনি অসমৰ খিলঞ্জীয়া মুছলমানসকলক অসমীয়া সমাজ জীৱনৰ পৰা আঁতৰাই নিয়াৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ অভিযোগ আনে। তেওঁ কয় যে, উজনি অসমৰ লগতে অসমৰ খিলঞ্জীয়া মুছলমানসকল কেৱল উপাসনাৰ পদ্ধতিত আমাৰ পৰা পৃথক। কিন্তু সমাজ আৰু সংস্কৃতিৰ বিষয়ত এইসকল সদায় অসমীয়া। আজিও এই সকল মুছলমানে অসমীয়া সামাজিক ৰীতি-নীতি মানি অহাৰ লগতে অসমীয়া কৃষ্টি-পৰম্পৰা ৰক্ষা কৰি আহিছে।

বিজেপি চৰকাৰে এই সকললোকক কেৱল মুছলমান হোৱাৰ বাবেই অসমীয়া মূল সুঁতিৰ পৰা আঁতৰাই ৰখাৰ নিকৃষ্ট পৰিকল্পনা কৰা বুলি তেওঁ উল্লেখ কৰে। লগতে তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই প্ৰস্তাৱ কেতিয়াও মানি লোৱা নহয়। ইয়াক ৰোধ কৰাৰ বাবে শিৱসাগৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ সমগ্ৰ অসমলৈ লৈ যোৱা হ'ব।তেতিয়া কিন্তু চৰকাৰে অসমীয়া ৰাইজক জংগী আন্দোলন কৰাৰ বাবে দোষী সাজিব নোৱাৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। সেইদৰে উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ নেতা জয়ন্ত ৰাজকোঁৱৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত সমষ্টিৰ বিলুপ্তকৰণ আৰু জনগাঁথনিৰ ব্যাপক সলনি কোনো কাৰণত মানি লোৱা নহ'ব বুলি তেওঁ সকিয়াই দিয়ে।তেওঁ কয় যে, ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ পৰা আহোম জনগোষ্ঠীয় লোকক আঁতৰাই নিয়াৰ এক চক্ৰান্ত কৰা হৈছে যাতে শিৱসাগৰ সমষ্টিত আহোম জনগোষ্ঠীৰ প্ৰভাৱ নোহোৱা হৈ পৰে।

সেইদৰে শিৱসাগৰ সমষ্টিৰ পৰা খিলঞ্জীয়া মুছলমান ভোটাৰসকলক আঁতৰাই নিয়াও এক গভীৰ ষড়যন্ত্ৰ বুলি তেওঁ উল্লেখ কৰে। তেওঁ আমগুৰি সমষ্টিৰ বিলুপ্তকৰণ আৰু সমষ্টিৰ নতুন পৰিসীমা নিৰ্ধাৰণ কোনো কাৰণত মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে।সেইদৰে আহোম সেনাৰ সেনাধক্ষ্য অংকুৰণ ফুকনে এই প্ৰস্তাৱিত খচৰাৰ দ্বাৰা বিজেপি দলে অসমত বহু দিনলৈ শাসন কৰাৰ এক পৰিকল্পনা কৰিছে বুলি কটাক্ষ কৰে। তেওঁ তথ্য সদৰী কৰি কয়- এই খচৰাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে বিজেপি দলে ৯টাৰ পৰা ১২টা সমষ্টি বঙালীসকলৰ বাবে সংৰক্ষিত কৰাৰ লগতে বহু কেইটা সমষ্টি আজমলক গতাই দিয়াৰ পৰিকল্পনা কৰিছে।

যি সময়ত শ-শ বছৰ ধৰি বৰ অসমত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হৈ আহিছে তেনে সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে, অনাগত ত্ৰিশ বছৰৰ বাবে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত থাকিব। তাৰ পাছত কি হ'ব বুলি ফুকনে প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী গৰাকীক সকিয়াই দি কয় যে, খিলঞ্জীয়া আগৰ গছ নহয় যে আপুনি ৰুই ডাঙৰ কৰি ত্ৰিশ বছৰৰ পাছত আজমলৰ হাতত বিক্ৰী কৰি দিব। আনহাতে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সভাপতি যাদৱ গগৈয়ে এই খচৰা কোনো কাৰণত প্ৰয়োগ হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দি সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত সদৌ অসম ছাত্র সন্থাৰ ভূমিকাক সমালোচনা কৰে। গগৈয়ে কয় যে, জাতিয়তাবাদী চিন্তাৰ অসমৰ সকলোতকৈ শক্তিশালী ছাত্র সংগঠনটোৱে এই প্ৰস্তাৱিত খচৰাক সমৰ্থন দি এক ঋণাত্মক বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁলোকৰ এনে ভূমিকাৰ বাবে দেশ আৰু জাতিৰ ক্ষতি হ'ব বুলি তেওঁ সমালোচনা কৰে সদৌ অসম ছাত্র সন্থাক।

আপ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰঞ্জিত শৰ্মাই আমগুৰি সমষ্টিৰ বিলুপ্তকৰণ আৰু সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণক লৈ তীব্ৰ বিৰোধ প্ৰকাশ কৰি ইয়াৰ বাতিলৰ বাবে আমগুৰি সমষ্টিৰ ৰাইজ একত্ৰিত হোৱা বুলি উল্লেখ কৰে। তেওঁ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ৰাজনৈতিক পশা খেলৰ চিকাৰ হোৱা বুলি সমালোচনা কৰি তেওঁৰ মৌনতাকো ধিক্কাৰ দিয়ে।

আনহাতে প্ৰতিবাদী কাৰ্যসূচীত শিৱসাগৰ আৰক্ষীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰা মহিলাৰ শালিনতা হানি কৰাৰ অভিযোগ আনে একাংশ মহিলাই। তেওঁলোকে কয় যে, শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো প্ৰতিবাদীৰ ওপৰত জপিয়াই পৰা আৰক্ষীয়ে মহিলাৰ চাদৰ টানি ফালি দিয়ে। উল্লেখযোগ্য যে, প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দল, আম আদমী পাৰ্টি, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে বহু কেইটা দল-সংগঠনৰ নেতৃত্ব-সদস্যই অংশগ্ৰহণ কৰি এক ঐক্যবদ্ধ সংগ্ৰামৰ ছবি ফুটাই তোলে। প্ৰতিবাদৰ পাছত যে সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি শিৱসাগৰৰ পৰা এক সবল প্ৰতিবাদ আৰম্ভ হ'ব সেইয়া নিশ্চিত হৈ পৰিছে।

শিৱসাগৰত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ খণ্ডযুদ্ধ: মহিলা প্ৰতিবাদকাৰীৰ কাপোৰ ফলাৰ অভিযোগ...
জৰুৰীকালীন অৱস্থাত কাৰাবাস খাটিবলগীয়া গনতন্ত্ৰৰ সেনানীয়ে মাহে পাব ১৫,০০০কৈ টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in