/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ce6e6174-ef22-4fa9-9f03-90ea904599bf/00.jpg)
ডিজিটেল সংবাদ,নামতি : দেৰগাঁওৰ বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ চুড়ান্ত গাফিলতিৰ বাবেই হোৱা বুলি অসমীয়া যুৱ মঞ্চই সংবাদমেলৰ যোগেদি অভিযোগ উত্থাপন কৰিছে।এই দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ ১কোটি টকাৰ আৰ্থিক সাহায্য আৰু আহতসকললৈ ২০ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে।
দেৰগাঁওৰ বালিজানত দুৰ্ঘটনা সংঘটিত কৰা কয়লা কঢ়িয়াই অনা ডাম্পাৰখনৰ সবিশেষ তথ্য ৰাজহুৱা কৰিবলৈ সংগঠনটোৱে দাবী জনাইছে। অন্যথা সংগঠনটোৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াই।
Also Read: বৰ্ষীয়ান সাংবাদিক যদু কাকতি আৰু নাই...