/asomiyapratidin/media/media_files/2025/04/30/Y1L2oBhofOUENyzcA0a5.jpg)
ডিজিটেল সংবাদ চৰাইদেউঃ আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তিম দিন। তাৰ মাজতে তীব্ৰতৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান।
উল্লেখ্য যে, চৰাইদেউ জিলাকে ধৰি উজনি অসমত অহা ২ মে’ত অনুষ্ঠিত হ'ব পঞ্চায়ত নির্বাচন। তাৰ পূৰ্বে মাহমৰা বিধানসভা সমষ্টিৰ অন্তর্গত জিলা পৰিষদৰ আৰু প্ৰতিটো পঞ্চায়ত দেখা গৈছে ব্যাপক নির্বাচনী প্রচাৰ।
প্ৰতিগৰাকী প্রার্থীয়ে ভোট আদায় কৰিবলৈ দিনে-নিশাই ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। মাহমৰা সমষ্টি অন্তৰ্গত তন্যতম সন্মানীয় জিলা পৰিষদৰ চৰাইদেউ জিলা পৰিষদৰ আসনখনক লৈ শাসকীয় মিত্ৰজোট বাবে এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।
জিলা আখনখন বাবে এইবাৰৰ নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি আৰু অগপই মাধূৰ্য সন্দিকৈক মনোনীত কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ নৃপেন কোঁৱৰ, জাতীয় পৰিষদ দলে ৰাজীৱ ৰাজকোঁৱৰক প্ৰক্ষেপ কৰাৰ লগতে দিলীপ মহন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে।
লক্ষণীয় যে এইবাৰৰ জিলা পৰিষদ সমষ্টিটোত সমষ্টিৰ তিনিখন পঞ্চায়তৰ পৰা তিনিগৰাকী প্ৰতিদ্বন্দীয়ে নিৰ্বাচনী যুঁজত নামি নিজৰ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে যদিও শাসকীয় আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে সাধাৰণ জনতাক চুই যাব পৰাকৈ নিৰ্বাচনী প্ৰচাৰ চকুত লগাকৈ বলাব পৰা নাই।
ইয়াৰ মাজতে যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদকৰ পৰা পোনে পোনে সক্ৰিয় ৰাজনীতিলৈ অহা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাজীৱ ৰাজকোঁৱৰে ভোটাৰৰ মন আকৃষ্ট কৰিবলৈ ঘৰে ঘৰে গৈ চোতাল সভা অনুষ্ঠিত কৰাৰ লগতে ৰেলী বাহিৰ কৰি ভাটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ প্ৰয়াস কৰিছে।
ইফালে বিজেপি দলেও এক বৃহৎ ৰেলী উলিয়াই ভোটাৰৰ মন জয় কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে৷