ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত গদাধৰ নগৰৰ বেচিক তিনিআলিৰ ৰাজপথত কালি সংঘটিত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত নিতুমণি মহন্ত (৫৫) নামৰ এজন ব্যক্তি নিশা ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ হাঁহচৰা দয়া চাৰিআলিৰ খাটপাৰ সত্ৰৰ নিৱাসী নিতুমণি মহন্তই নিজৰ এ এছ ০৪ টি ৫৯১৬ নম্বৰৰ মটৰ চাইকেলেৰে শলগুৰি অঞ্চলৰ আত্মীয় লোকৰ ঘৰলৈ গৈ থকাৰ অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা নম্বৰ বিহীন এখন মটৰ চাইকেলেৰে নিতুমণি মহন্তই চলাই যোৱা মটৰ চাইকেলখনক মুখামুখিকৈ প্ৰচণ্ড ভাৱে খুন্দা মাৰে ৷ ফলত নিতুমণি মহন্তই পেটত গুৰুতৰভাৱে আঘাট পায় ।
বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা নম্বৰপ্লেট বিহীন মটৰ চাইকেলখনৰ আৰোহী দুজন হ'ল নামতি চাৰিআলিৰ পাৰ্থপ্ৰতীম কাকতি আৰু ৰাজু গড়। আৰক্ষীৰ তৎপৰতাত গুৰুতৰভাৱে আহত নিতুমণি মহন্তক জয়সাগৰত অৱস্থিত শিৱসাগৰ অসামৰিক চিকিৎসাৰয়লৈ লৈ যোৱা হয়।
বিয়লি প্ৰায় ২ বজাত নিতুমণি মহন্তক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ পাছত নিশা প্ৰায় ৮-১৫ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত নিতুমণি মহন্তই শেষ নিশ্বাস ত্যাগ কৰে। নিতুমণি মহন্তই পত্নী সহ এজন পুত্ৰ, এগৰাকী কন্যা , মাতৃ , এজন জ্যেষ্ঠ ভাতৃ , দুগৰাকী বায়েকক ইহসংসাৰত এৰি থৈ যায়।