/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a90559c5-f08d-4421-9077-606809e1d28d/akhil.jpg)
মথাউৰি পৰিদৰ্শন
ডিজিটেল ডেস্কঃ বাৰিষা আহিলেই দিচাং নদীৰ খহনীয়াই নদীখনৰ সমীপৱৰ্তী এলেকালৈ দুৰ্যোগ কঢ়িয়াই আনে ৷ শিৱসাগৰ বিধানসভা সমষ্টিৰ খেলুৱা পঞ্চায়তবাসীৰ ঘৰ- দুৱাৰ লগতে খেতিপথাৰলৈ সংকট নমাই আনে ৷
এই লৈ সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে সোমবাৰে নদীখনৰ মথাউৰিটোৰ নিৰ্মাণ কাম পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কৰি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ জলসম্পদ বিভাগৰ দ্বাৰা জিঅ’ বেগৰ প্ৰতিৰোধমূলক আঁচনি দ্বাৰা কাম কৰাৰ সিন্ধান্ত লয় ৷
আজি জলসম্পদ বিভাগৰ বিষয়াসকল, অভিযন্তা আৰু ঠিকাদাৰক সন্মুখত ৰাখি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে বিধায়কগৰাকীয়ে ৷ লগতে ৰাইজৰ সন্মুখত ঠিকাদাৰৰ প্ৰতিটো কাম তন্নতন্নকৈ পৰীক্ষা কৰি ৰাইজৰ মন্তব্য গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/978d23ec-7334-4ce0-94b7-a20330c6711f/981c4864_911b_4193_a157_d21788148c6c.jpg)
Also Read: পলাসবাৰীত সুঁৱৰি উৎসৱ উদযাপন...