কেতিয়া আতৰ হ'ব সমাজৰ পৰা 
অন্ধবিশ্বাস?

কেতিয়া আতৰ হ'ব সমাজৰ পৰা অন্ধবিশ্বাস?

কেতিয়া সমাজৰ পৰা আতৰ হ'ব অন্ধবিশ্বাস । আজিৰ যুগতো অন্ধবিশ্বাসে সিপাই আছে বহুতৰে মনত । শেহতীয়াকৈ শিৱসাগৰৰ এটা অঞ্চলৰ এক ঘটনাই ইয়াকেই প্ৰতিপন্ন কৰিছে ।

ডিজিটেল সংবাদ, শিৱসাগৰঃ কেতিয়া সমাজৰ পৰা আতৰ হ'ব অন্ধবিশ্বাস । আজিৰ যুগতো অন্ধবিশ্বাসে সিপাই আছে বহুতৰে মনত । শেহতীয়াকৈ শিৱসাগৰৰ এটা অঞ্চলৰ এক ঘটনাই ইয়াকেই প্ৰতিপন্ন কৰিছে ।

জিলাখনৰ নামতিত এতিয়া গুপ্তধনৰ সন্ধানত নিশা নামি পৰিছে এচাম অন্ধ বিশ্বাসী লোক । বাৰীয়ে বাৰীয়ে দ গাঁত খান্দি হাহাকাৰ কৰি বিচাৰি ফুৰিছে গুপ্তধন ।

জানিব পৰা মতে, নিশা হালোৱাটিং আৰক্ষীৰ থানাৰ অন্তৰ্গত নামতি ঢেপৰ গাঁওৰ হাজৰিকা চুকৰ পাপু হাজৰিকা নামৰ ব্যক্তি গৰাকীৰ ঘৰৰ বাৰীত পাছফালে কোনো অন্ধ বিশ্বাসী লোকে গুপ্তধন সন্ধানত দ গাতৰ সৃষ্টি কৰে । উক্ত স্থানত গাঁতৰ চাৰিও কাষে এডাল সূতা বন্ধাৰ লগতে ধূপ-ধুনা আৰু চাকি বন্তি উদ্ধাৰ হৈছে ।

অন্ধবিশ্বাসৰ বলি হোৱা একাংশ লোকৰ এনে নিকৃষ্ট কাৰ্যক লৈ শংকিত হৈ পৰিছে পাপু হাজৰিকাৰ পৰিয়ালৰ লগতে স্থানীয় গঁঞা ৰাইজক । ইতিমধ্যে, ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

কেতিয়া আতৰ হ'ব সমাজৰ পৰা 
অন্ধবিশ্বাস?
কাজিৰঙাত চলিছে পাহাৰ ধ্বংসৰ প্ৰতিযোগিতা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in