একেদিনাই মথুৰাপুৰত দুখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন...

চৰাইদেউ জিলাৰ মথুৰাপুৰত একেদিনাই দুখনকৈ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন ৷ শনিবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে ।

author-image
Asomiya Pratidin
New Update
একেদিনাই মথুৰাপুৰত দুখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন...

আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰত একেদিনাই দুখনকৈ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন ৷ শনিবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে ।

Advertisment

এই উপলক্ষে মাহমৰা সমষ্টিৰ মথুৰাপুৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত লোকনিৰ্মাণ পথ বিভাগ, অসমৰ অধীনত ২০২২- ২৩ বৰ্ষৰ " মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি" শিতানত মথুৰাপুৰ ভকত গাওঁ পথ নিৰ্মাণ আৰু জল জীৱন মিছনৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগ, সোণাৰি সংমণ্ডলৰ অন্তৰ্গত নিমনাগড় গাওঁ পঞ্চায়তৰ মথুৰাপুৰ বৰাইক চুক অঞ্চলত পানী যোগান আঁচনিৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয় ।

আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে কয় যে মধুৰাপুৰবাসীৰ বহুত অভাব আছিল । ছাত্ৰ-ছাত্ৰীৰ বিদ্য়ালয়লৈ যোৱাকে ধৰি চিকিৎসালয়ৰ ক্ষেত্ৰত সুবিধা হ'ব ।

প্ৰায় এক কোটি টকাৰ আঁচনি আৰম্ভ হৈছে । আৰু প্ৰায় কোটি টকাৰ প্ৰদানমন্ত্ৰী মোডীৰ নল চে জল আদি আঁচনিৰ কাম ২০২৪ চনৰ ভিতৰত সম্পন্ন হ'ব ।

লগতে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ দিনত বহু সংখ্য়ক নিবনুুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

এই আধাৰশিলা কাৰ্যসূচীত অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য এলেকা উন্নয়নৰ মন্ত্ৰী যোগেন মহনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

শনিবাৰে  আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ
শনিবাৰে আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ

Also Read: জামুগুৰিহাটৰ বালিজুৰি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমাৰোহৰ সফল সামৰণি...

two scheme Foundation Stone