/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ab177084-d7bf-458a-a84f-20910a3d2df4/240.jpg)
ডিজিটেল ডেস্ক : ঐতিহ্যমণ্ডিত শিৱসাগৰৰ অগ্ৰণী পুৰুষ, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ ৯০ সংখ্যক জন্ম বৰ্ষৰ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত তথা জিলা সত্ৰ মহাসভা, শিৱসাগৰ যুৱ দল আৰু শ্ৰীশ্ৰী শংকৰদেৱ সমাজৰ সহযোগত দেওবাৰে অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d3960947-e5ea-4800-b7ed-bac4a2d1de92/110224_PKG_SIVASAGAR_BO_PRI03OAO_mov_00_00_09_08_Still001.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে লক্ষ্মীকান্ত মহন্ত সত্ৰীয়া সংস্কৃতিৰ সাধকৰ উপৰি একেধাৰে অসমৰ থলুৱা উদ্যোগৰ পথপ্ৰদৰ্শক। এইগৰাকী বিশিষ্ট ব্যক্তিৰ ৯০ সংখ্যক জন্ম বাৰ্ষিকীত শিৱসাগৰৰ জাতীয় অনুষ্ঠানৰ তেওঁৰ কৰ্মৰাজিৰ প্ৰতি বিশেষ স্বীকৃতি বুলি উল্লেখ কৰিব পাৰি।
এই বিশেষ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। সম্পাদক মহন্তই লক্ষ্মীকান্ত মহন্তৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত তত্বগধুৰ ব্যাখ্যা আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/dd4af512-eb81-4f6c-817d-33bf92360111/110224_PKG_SIVASAGAR_BO_PRI03OAO_mov_00_02_38_19_Still003.jpg)
"লক্ষ্মীকান্ত মহন্ত এগৰাকী সংস্কৃত পণ্ডিত। সত্ৰীয়া সংস্কৃতি ৰক্ষা কৰাৰ সমান্তৰালকৈ অৰ্থনীতি সবল হোৱাৰ উদ্দেশ্যে উৎপাদনী কৰ্মত নিয়োজিত থাকে। বিদ্যালয়ৰ শিক্ষকতা, সত্ৰৰ সংস্কৃতি আৰু উদ্যোগৰযোগেদি উৎপাদনশীলতা এই আটাইখিনিৰ লগতে বিপণন ব্যৱস্থা তাক সংযোগ কৰি সুন্দৰভাৱে এখন সমাজ গঢ়ি তোলাৰ কাৰণে যি শক্তিৰ প্ৰয়োজন; সেই শক্তিক লক্ষ্মীকান্ত মহন্তই উজ্জিৱীত কৰিছে" বুলি প্ৰকাশ মহন্তই মন্তব্য কৰে।
ইফালে এই বিশেষ অনুষ্ঠানতে লক্ষ্মীকান্ত মহন্তৰ জীৱন আলোকপাত কৰি সম্পাদনা কৰি উলিওৱা গ্ৰন্থ 'অভিকৰ্ষণ অভিদৰ্শন' উন্মোচন কৰা হয়। গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে ড০ অৰুন্ধুতী মহন্তই। আনহাতে গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক তথা ভাষাবিদ বসন্ত কুমাৰ গোস্বামীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7b12b506-6ea1-4272-a8a9-5f7556a05ba0/110224_PKG_SIVASAGAR_BO_PRI03OAO_mov_00_02_26_23_Still002.jpg)
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ড০ নাহিন্দ্ৰ পাডুনৰ লগতে ড০ নিৰুপমা মহন্ত।
Also Read: বোকাজান লায়ন্স ক্লাৱৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন