বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ খগেন্দ্ৰনাথ ভূঞাৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ খগেন্দ্ৰনাথ ভূঞাৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ খগেন্দ্ৰনাথ ভূঞাৰ দেহাৱসান

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক খগেন্দ্ৰনাথ ভূঞাৰ দেহাৱসান। শুকুৰবাৰে নিশা প্ৰায় ১০.১০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ দেহাৱসান ঘটে ৷ তেওঁৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ শলগুৰি অঞ্চলত ৷

Advertisment

অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সাহিত্যিক, ৰংপুৰ গৌৰৱ, মেঘমল্লাৰ সাহিত্য সন্মান বঁটা প্ৰাপক খগেন্দ্ৰ নাথ ভূঞাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ শিৱসাগৰ জিলাত শোকৰ ছাঁ পৰে ৷ বহু তত্ত্বগধুৰ লেখনিৰে সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা খগেন্দ্ৰনাথ ভূঞা জাতীয় চেতনাৰে সমৃদ্ধ ব্যক্তি আছিল ৷ তেওঁ বহু জাতীয় আন্দোলনৰ লগত জড়িত আছিল ৷

Also Read: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ জয়ন্ত বৰাৰ

khagendranath bhuyan