শিৱসাগৰৰ জিমি দাসৰ ঘটনা সন্দৰ্ভত এজনক আটকঃ প্ৰতাৰণাৰ অভিযোগ...

শিৱসাগৰ দিচাংমুখ লংচাইৰ নিবাসী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসে আত্মহত্যা কৰা ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জিমিৰ পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত এজন ব্যক্তিক আটক কৰিছে।

author-image
Tushar Pratim
New Update
শিৱসাগৰৰ জিমি দাসৰ ঘটনা সন্দৰ্ভত এজনক আটকঃ প্ৰতাৰণাৰ অভিযোগ...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ দিচাংমুখ লংচাইৰ নিবাসী  ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসে সোমবাৰে নিশা আত্মহত্যা কৰা ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰিছে। প্ৰেমজনিত কাৰণতে জিমি দাসে আত্মহত্যা কৰা বুলি অভিযোগ কৰিছিল পৰিয়ালৰ লোকে।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে বহিৰাগত লোকে জিমি দাসক মাৰপিট কৰাকলৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ আত্মহত্যাৰ ঘটনাক জনসাধাৰণে সহজভাৱে ল’ব পৰা নাই৷


বিগত বৰ্ষত বহিৰাগতৰ হাতত প্ৰহৃত হৈ চৰ্চালৈ অহা জিমি দাসে সোমবাৰে সন্ধিয়া বিষাক্ত দ্ৰব্য খাই আত্মহত্যা কৰে৷ জিমিয়ে প্ৰণয়জনিত কাৰণতে আত্মহত্যা কৰাৰ অভিযোগ উঠিছে৷

অভিযোগ অনুসৰি অবিনাশ দাস নামৰ এজন ব্যক্তিয়ে বিয়া পতাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে জিমি দাসক। সেয়ে দুৰ্ভগীয়া জিমিৰ আত্মীয়ই প্ৰতাৰক অবিনাশ দাসক গ্ৰেপ্তাৰৰ দাবী জনাইছে৷

সোমবাৰে বিষাক্ত দ্ৰব্য সেৱন কৰাৰ পিছতে তেওঁক ডিব্ৰুগড়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই জিমিৰ মৃত্যু হয়। এতিয়াও জিমিৰ মৃতদেহ ডিব্ৰুগড়ৰ পৰা আহি পোৱা নাই শিৱসাগৰ৷ 

শিৱসাগৰ দিচাংমুখ লংচাইৰ নিবাসী জিমি দাসক বিগত ১৩ আগষ্টত বহিৰাগত বণিয়াই আক্ৰমণ কৰাক লৈ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ পৰৱৰ্তী সময়ত বহিৰাগত সমাজে আঠু লৈ ক্ষমা ভিক্ষা কৰিছিল অসমবাসীৰ ওচৰত৷

শেহতীয়াভাৱে জিমিৰ বিবাহিত প্ৰেমিক অবিনাশ দাসক আৰক্ষীয়ে আটক কৰিছে।দিচাংমুখ আৰক্ষীয়ে আটক কৰি অবিনাশক জেৰা অব্যাহত ৰাখিছে৷ অবিনাশ দাসে প্ৰতাৰণা কৰাৰ বাবেই জিমি দাসে বিহ পান কৰা বুলি অভিযোগ কৰিছে জিমি দাসৰ পিতৃ-মাতৃয়ে।

দিচাংমুখ আত্মহত্যা