অসমীয়া যুৱতীক বহিৰাগত বনিয়াই মাৰপিট কৰাক লৈ উত্তাল শিৱসাগৰ...
অসমীয়া যুৱতীক বহিৰাগত বনিয়াই মাৰপিট কৰাক লৈ উত্তাল শিৱসাগৰ...

অসমীয়া যুৱতীক বহিৰাগত বনিয়াই মাৰপিট কৰাক লৈ উত্তাল শিৱসাগৰ...

ৰাইজৰ প্ৰতিবাদৰ মাজতে আটক দুই বহিৰাগত ব্যৱসায়ীক
Published on

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ চহৰৰ বাবুপট্টীত মঙ্গলবাৰে নিশা জিমি দাস নামৰ যুৱতীগৰাকীক অৰুণ লাহতী আৰু তৰুণ লাহতী নামৰ দুই বহিৰাগত বনিয়াৰ নেতৃত্বত ভালেসংখ্যক বহিৰাগতই মাৰপিট কৰা ঘটনাক কেন্দ্ৰ কৰি আজি ৰাইজে পথ অৱৰোধ কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে। এগৰাকী অসমীয়া যুৱতীক এইদৰে দলবদ্ধভাৱে অনা অসমীয়াই আক্ৰমণ কৰাৰ প্ৰতিবাদত আজি বিভিন্ন দল সংগঠনে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আজি পুৱা ১০ বজাৰ পৰা শিৱসাগৰৰ বাবুপট্টিত বিভিন্ন দল সংগঠনে ঐক্যবদ্ধভাৱে ঘটনাৰ উচিত বিচাৰৰ দাবীৰ লগতে দোষীৰ শাস্তিৰ দাবীৰে পথ অৱৰোধ কৰাত সকলোধৰণৰ যানবাহন আবদ্ধ হৈ পৰে। ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা।

উল্লেখ্য যে, জিমি দাস নামৰ এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক মঙ্গলবাৰে আক্ৰমণ কৰাৰ পিছত প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পাছত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। এনে পৰিস্থিতিৰ পাছতে ৰাষ্ট্ৰীয় স্বৰ্ণ পদক অৰ্জন কৰা এইগৰাকী খেলুৱৈক আক্ৰমণকৰা বহিৰাগত বনিয়াক গ্ৰেপ্তাৰ নকৰাক লৈ আৰক্ষীৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল।

জিমি দাসৰ সৈতে সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। এই ঘটনাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে সকলো জাতি-জনগোষ্ঠীৰ দল, সংগঠনৰ শ শ কৰ্মী। তেওঁলোকে মূল অভিযুক্ত অৰুণ লাহতী আৰু তৰুণ লাহতীৰ বাসগৃহৰ সন্মুখতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে ৰাইজৰ এনে ক্ষোভৰ ফলশ্ৰুতিত পলমকৈ হ'লেও আৰক্ষীয়ে অৰুণ লাহতী আৰু মনিষ পড্ডাৰ নামৰ দুজনক আটক কৰিছে।

অসমীয়া যুৱতীক বহিৰাগত বনিয়াই মাৰপিট কৰাক লৈ উত্তাল শিৱসাগৰ...
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত ব্যাপক কেলেংকাৰী...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in