ডিজিটেল সংবাদ চৰাইদেউঃ আজিৰে পৰা আৰম্ভ হোৱা দ্বাদশ সংখ্যক আন্তৰ্জাতিক পৰ্যটন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা শতাধিক বিদেশী পৰ্যটক আহি উপস্থিত হ'ল চৰাইদেউ মৈদাম ক্ষেত্ৰত। থাইলেণ্ড, ভিয়েটনাম, স্পেইনকে ধৰি ১৪ খন দেশৰ লগতে ভাৰতৰ শতাধিক পৰ্যটকে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম।
মৈদাম ক্ষেত্ৰত উপস্থিত হৈ পৰ্যটকসকলে টাই আহোম পৰম্পৰাগত "ফুৰালুং" ৰ লগতে অসমীয়া খাদ্যাভাস তথা সংস্কৃতিৰ বুজ লয় স্থানীয় লোকৰ পৰা। আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতিও আকৃষ্ট হোৱা বুলি মত প্ৰকাশ কৰে পৰ্যটকসকলে।
আজিৰপৰা ২৯ নৱেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আন্তৰ্জাতিক পৰ্যটন সন্মিলন (International Tourism Mart )ত অংশগ্ৰহণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটক সকলে চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পাছত শিৱসাগৰত ৰংঘৰ পৰিদৰ্শন কৰি পুনৰ ঘূৰি যায় কাজিৰঙালৈ।