/asomiyapratidin/media/media_files/2025/02/03/mcwcAZi8KYzOaTAIrU1A.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ বিখ্যাত বৰুৱা পৰিয়ালৰ বিশিষ্ট সমাজকৰ্মী গৌৰীভূষণ বৰুৱা আৰু নাই। আজি দিনৰ প্ৰায় ১১ বজাত চহৰৰ কে পি চাৰিআলিৰ সমীপৰ এ টি ৰোডৰ কাষৰ নিজা গৃহত মৃত্যু হয় ।
দীৰ্ঘদিনৰ পৰা বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ তেওঁৰ আজি ৯৩ বছৰ বয়সত মৃত্যু হয়। তেওঁ ১৯৩৩ চনত জন্ম লাভ কৰিছিল।
গৌৰীভূষণ বৰুৱা এজন শিক্ষাবিদ, জিলাখনৰ এণ্টাৰপিনাৰশ্বিপ ডেভেলপমেণ্টৰ গুৰি ধৰোতা হিচাপে, এগৰাকী ক্ৰীড়া সংগঠক হিচাপে আৰু ৰাজ্যখনক ক্ৰীড়াৰ দিশত আগুৱাই নিয়াত সেৱা আগবঢ়াইছিল।
তাৰোপৰি কলা, সংস্কৃতিৰ উত্থানৰ হকে কাম কৰাৰ লগতে সমাজ সংস্কাৰৰ হকে বিভিন্ন কামত নিয়োজিত আছিল। শিৱসাগৰ হিন্দু মহা সভা নামঘৰত বহু বছৰৰ পৰা জড়িত আছিল প্ৰয়াত গৌৰীভূষণ বৰুৱা ।
গৌৰীভূষণ বৰুৱা দেৱ মৃত্যু শিৱসাগৰ বাবে এক অপুৰণীয় ক্ষতি। তেওঁৰ মৃত্যুত ভিন্ন জনৰ লগত বিভিন্ন দল, সংগঠনে শোক প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us