মোৰ পিতৃ ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল,কিন্তু মোৰ নামত টিভি চেনেল, চাহ বাগান নাইঃ গৌৰৱ গগৈ

মোৰ পিতৃ ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল,কিন্তু মোৰ নামত টিভি চেনেল, চাহ বাগান নাইঃ গৌৰৱ গগৈ

ডিজিটেল সংবাদ, শিৱসাগৰ :   যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰ  চহৰৰ সমীপৰ কাথপাৰত অৱস্থিত শ্ৰীশ্ৰী নিত্যানন্দ দেৱ থানত সেৱা জনাই ৰাইজৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰে। ইয়াৰ পাছতে গৌৰৱ গগৈয়ে শ্ৰীশ্ৰী নিত্যানন্দ দেৱ থানৰ তোৰণৰ সন্মুখত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।

গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয় - অসমৰ ৰাইজৰ আৱেগ আমাৰ লগত আছে।অসমৰ ৰাইজৰ আৰ্শীবাদ আমাৰ লগত আছে। অসমৰ ৰাইজৰ মৰম আমাৰ লগত আছে।  জনতাই নিৰ্ধাৰিত কৰিৰ আমাৰ জয় । 

ইয়াৰ পূৰ্বে শিৱসাগৰ  চহৰৰ পৰা  ডেকা বৰবৰুৱা পথেদি সোমাই যোৱা গৌৰৱ গগৈক প্ৰগতি চাৰিআলিত আৰু দৰিকা দলঙৰ সমীপত কংগ্ৰেছ দলৰ নেতা - কৰ্মী সকলে ফুলাম গামোছাৰে আদৰণি জনায়। লগে লগে গৌৰৱ গগৈয়ে গাড়ীৰ পৰা নামি ৰাইজৰ পৰা সাদৰ সম্ভাষণ গ্ৰহণ কৰি কংগ্ৰেছ কৰ্মী সকলৰ সৈতে পথৰ ওপৰতে মত বিনিময় কৰে।

স্থানীয় কেইবাখনো গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ নেতা - কৰ্মী , সমৰ্থক সকলে প্ৰগতি চাৰিআলিৰ পৰা শ্ৰীশ্ৰী নিত্যানন্দ দেৱ থানলৈ শোভাযাত্ৰাৰে আদৰি নি গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিৰে আকাশ -বতাহ মুখৰিত কৰে। উল্লেখযোগ্য যে, শ্ৰীশ্ৰী নিত্যানন্দ দেৱ থান পোৱাৰ পূৰ্বে বিহু কৰ্মশালা স্থলীত সমবেত ৰাইজে গৌৰৱ গগৈক  ব সম্বৰ্ধনা পত্ৰ, গামোচা, গ্ৰন্থ আদি  প্ৰদান কৰে। 

  আজি দুপৰীয়া গৌৰৱ গগৈয়ে মগৰাহাট পঞ্চায়ত, শলগুৰি পঞ্চায়ত ৰংপুৰ পঞ্চায়তত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।  শ্ৰীশ্ৰী নিত্যানন্দ দেৱ থানত উপস্থিত হৈ গুৰুজনাৰ আশীৰ্বাদ লৈ গৌৰৱ গগৈয়ে নিশালৈ  দিচাংমুখৰ এক বৃহৎ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ৪-৩০ বজাত দিচাংমুখৰ নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰিব লগীয়া গৌৰৱ গগৈ শিৱসাগৰ জিলাখনৰ একাধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সন্ধিয়া প্ৰায় ৬ বজাতহে দিচাংমুখ মণ্ডল কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হোৱা দিচাংমুখৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

 ৰাইজৰ উদ্দেশ্যে গৌৰৱ গগৈয়ে কয় যে- '' ২০১৪ আৰু ২০১৯ চনত আমাৰ দল পৰাজিত হৈছিল। এতিয়া পৰিৱেশ পৰিস্থিতি সলনি হৈছে। ২০২৪ ৰ এই লোকসভা নিৰ্বাচনত আমি জনগণৰ সমৰ্থনত দিল্লীত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন কৰিম। বৰ্তমান সময়ত কংগ্ৰেছৰ যি সকল পুৰণা কৰ্মী আছিল তেওঁলোকে ন' উদ্যামেৰে ওলাই অহাত আমাৰ কংগ্ৰেছ কৰ্মী সকল উৎফুল্লিত হৈ পৰিছে। যাৰ বাবে আমি নিশ্চিত যে আমি এই নিৰ্বাচনত বিজেপিক পৰাভূত কৰিম।

ইতিমধ্যে মই গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা যি মনোনয়ন পত্ৰ দাখিল কৰিছো । এই মনোনয়ন কেৱল মই মোৰ প্ৰাৰ্থী হিচাপে দিয়া নাই, বৰঞ্চ সমগ্ৰ যোৰহাটবাসীৰ হৈ এই মনোনয়ন দাখিল কৰিছিলো বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে।

তেওঁ কয় যে - এই নিৰ্বাচন আমাৰ ব্যক্তিগত নিৰ্বাচন নহয়, এই নিৰ্বাচন হৈছে আশা কৰ্মী, অংগনবাড়ী কৰ্মী সকলৰ নিৰ্বাচন। উচ্চ শিক্ষাৰে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ নিৰ্বাচন হয়। আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ সকলোৱে সকলোৰ হাতত হাত ধৰি সম্প্ৰীতিৰ এখন দেশ গঢ়াৰ লক্ষ্যৰে। য'ত সকলো জাতি জনগোষ্ঠীৰ ৰাইজে একত্ৰ ভাৱে ঐক্য সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে। ধন ঘটাৰ মানসিকতা লৈ আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই। মোৰ নিজা কি সা- সম্পত্তি আছে ইতিমধ্যে মোৰ মনোনয়নত ৰাজহুৱা হৈছে। মোৰ পিতৃয়ে পোন্ধৰ বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিল। তথাপিও মোৰ নামত কোনো এটা টি ভি চেনেল নাই, মোৰ মাৰ নামত চাহ বাগান নাই, মোৰ পৰিয়ালৰ নামত ৰিজৰ্ট নাই। মই কেৱল জনগণৰ স্বাৰ্থত নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে।

ইয়াৰোপৰি তেওঁ কয় যে "কা" আইনে অসমৰ জনগাঁঠনি সলনি কৰি দিব। কেন্দ্ৰত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হোৱাৰ পিছতেই প্ৰথমেই "কা" বাতিল কৰা হ'ব বুলি গৌৰৱ গগৈয়ে ষ্পষ্ট কৰি দিয়ে। কংগ্ৰেছ নেতা  মুস্তাফা খানে আত ধৰা নিৰ্বাচনী সভাখনত , লক্ষী হাজৰিকা, হিৰেণজ্যোতি পাংগিং, পৱিত্ৰ টায়ে,  খগেন পাংগিং, পিংকু দাস, বেদকান্ত দাস, ৰত্নেশ্বৰ টায়ে, ৰহিম পাংগিং, হামিদ আলী, শৰৎ শইকীয়া, ৰেণুকা মিলি, মেথিউছ পাংগিং, নুনু য়েইন আদিৰ লগতে শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জীৰ গগৈ, কংগ্ৰেছ নেতা প্ৰশান্ত গগৈ, শুভ্ৰমিত্ৰ গগৈ, অসম জাতীয় পৰিষদৰ প্ৰদীপ বুঢ়াগোহাঁই, ৰাইজৰ দল, চিপিআই আদিৰ বহু সংখ্যক নেতা সভাখনত উপস্থিত থাকে।

মোৰ পিতৃ ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল,কিন্তু মোৰ নামত টিভি চেনেল, চাহ বাগান নাইঃ গৌৰৱ গগৈ
ব্ৰহ্ম ধৰ্মৰ মন্দিৰ নিৰ্মাণৰ বাবে মাটি দান কৰিলে জিন্নত শিকদাৰে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in