জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ডিজিটেল সংবাদ,নামতি : জালিয়াতিৰে ধন আত্মসাতৰ অভিযোগত শিৱসাগৰ জিলাৰ দোলাকাষৰীয়া গাঁৱৰ পৰা নিৰ্মল শইকীয়া নামৰ এজন প্ৰৱঞ্চকক গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰামতে, নিৰ্মল শইকীয়াই পঞ্জাৱ নেছনেল বেংকৰ গেলেকী শাখাৰ পৰা ভুৱা নথি-পত্ৰ দি কেইবালক্ষাধিক টকা ঋণ লৈছিল।

বেংক কৰ্তৃপক্ষই বিষয় সন্দৰ্ভত অৱগত হোৱাত স্থানীয় গেলেকী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিতেই বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰৱঞ্চক নিৰ্মল শইকীয়া গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে গেলেকী আৰক্ষীয়ে আজি আটক কৰা প্ৰৱঞ্চক নিৰ্মল শইকীয়াই চলিত বৰ্ষতে ডাকঘৰৰ বিভিন্ন উপভোক্তাৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ'বলগা হৈছিল। ডাকঘৰৰ উপভোক্তাৰ পৰা প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰাৰ সময়ত ধৃত শ‌ইকীয়া আছিল গেলেকীৰ ডাকঘৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।

তাৰ পিছতে নিৰ্মল শইকীয়াৰ বিৰুদ্ধে ইটোৰ পিছত সিটো জালিয়াতিৰ তথ্য পোহৰলৈ আহিছিল। কাৰাগাৰৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ অহাৰ পিছত পুনৰ ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল প্ৰৱঞ্চক নিৰ্মল শইকীয়া। কিয়নো এইবাৰ ডাকঘৰ নতুবা আন কৰবাত নহয়, এইবাৰ হাত দিলে পঞ্জাৱ নেছনেল বেংকত।

পঞ্জাৱ নেছনেল বেংকৰ গেলেকী শাখাৰ কৰ্তৃপক্ষৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিৰ্মল শইকীয়াৰ বিৰুদ্ধে ইতিমধ্যে গেলেকী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ৪২০/৪৬৮/৪৭১ ধাৰাৰ অধীনত ৩৮/২০২৩ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে।

জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক
সৰভোগৰ একাংশ খেতিয়কৰ দুৰৱস্থা : খেতিপথাৰতে পচি গৈছে শাক-পাচলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in